তিনিচুকীয়াত সদৌ চুতীয়া জাতি সন্মিলনৰ সম্বৰ্ধনা অনুষ্ঠান

28
তিনিচুকীয়াত সদৌ চুতীয়া জাতি সন্মিলনৰ সম্বৰ্ধনা অনুষ্ঠান
দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া , ২১ আগষ্টঃ সদৌ চুতীয়া জাতি সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অসম চৰকাৰে গঠন কৰি দিয়া চুতীয়া উন্নয়ন পৰিষদৰ নৱ-নিযুক্ত উপাধ্যক্ষ প্ৰাঞ্জল ৰাজ খনিকৰ আৰু জ্যোতিপ্ৰসাদ চুতীয়াক তিনিচুকীয়াৰ বাৰেকুৰিস্থিত সতী সাধনী ভৱনত উষ্ম আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে চুতীয়া জাতি সন্মিলনৰ বিষয়ববীয়াৰ লগতে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা শশাংকৰ শইকীয়া , বিশিষ্ট সমাজ কৰ্মী , লেখক তথা চুতীয়া জাতিক সাংস্কৃতিকভাৱে গুৰি ধৰোতা দমন চুতীয়া , তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰূপম চুতীয়া , উপ সভাপতি ৰিতু চুতীয়া , সহঃ সাধাৰণ সম্পাদক গংগাধৰ শইকীয়া লগতে বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়-ববীয়াসকল । উল্লেখ্য যে , নৱ নিযুক্ত উপাধ্যক্ষ  জ্যোতিপ্ৰসাদ চুতীয়া বৰ্তমান ভাৰতীয় জনতা পাৰ্টী , অসম প্ৰদেশকৰ কাৰ্যনিৰ্বাহক সদস্য আৰু প্ৰাঞ্জল ৰাজ খনিকৰ বৰ্তমান অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ।