ধলপুৰৰ বেদখলকাৰী উচ্ছেদক সমৰ্থন জন সচেতন মঞ্চ,অসমৰ কৃতজ্ঞতা যাত্ৰা

119

ধলপুৰৰ বেদখলকাৰী উচ্ছেদক সমৰ্থন জন সচেতন মঞ্চ,অসমৰ কৃতজ্ঞতা যাত্ৰা

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া , ৫ অক্টোবৰঃ জন সচেতন মঞ্চ , অসমৰ উদ্যোগত আজি তিনিচুকীয়াত বিশাল কৃতজ্ঞতা যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰি দৰং জিলাৰ ধলপুৰত অবৈধ বেদখলকাৰীৰ উচ্ছেদ অভিযানক সমৰ্থন জনায় । উক্ত কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম পুলিচক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে জন সচেতন মঞ্চ,অসমে । ইয়াৰ পিছতে ভাৰতীয় জনতা পাৰ্টী , তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু যুৱ মৰ্চা , কিষাণ মৰ্চা , মহিলা মৰ্চা , চাহ জনগোষ্ঠী মৰ্চা , অনুসূচীত জাতি মৰ্চা , অনুসূচীত জনজাতি মৰ্চা আৰু অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা , তিনিচুকীয়া জিলা সমিতিৰ সহযোগত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে সেৱা আৰু সমৰ্পণ অভিযানৰ অংশস্বৰূপে তিনিচুকীয়া জিলাৰ ঐতিহাসিক স্থানসমূহৰ নিকাকৰণ কাৰ্যসূচী গ্ৰহণ কৰে।