নগৰবেৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ বানিজ্য শাখাৰ চতুর্থ বৰ্ষপুতি উদযাপন

66

দুৰ্নীতিৰ দৰ্পণ সেৱা, স্বাহ স্বাহিন জামান আহমেদ, নগৰবেৰা, ৪ আগষ্টঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাৰ উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ বানিজ্য শাখাৰ চতুর্থ বৰ্ষপুতি আজি উদযাপন কৰে।বিগত ২০১৮ ইং বৰ্ষৰ ৪ আগষ্টত প্ৰতিষ্ঠা হোৱা নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ বানিজ্য শাখাৰ আজি চতুৰ্থ বাৰ্ষিকী উপলক্ষে বন্তি প্ৰজ্বলন আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।কভিড প্ৰট’কল ৰক্ষা কৰি বানিজ্য শাখা কক্ষৰ বাৰাণ্ডাতেই অনুষ্টুপীয়াকৈ এই কাৰ্যসূচী সম্পন্ন কৰা হয় ,বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিভূতি ভুষণ পাণ্ডাই ।অধ্যাপক ড° দিগন্ত কলিতাই আঁত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ কেবা গৰাকীকৈ শিক্ষক ,কৰ্মচাৰী উপস্থিত থাকে ।পৰৱৰ্তী সময়ত মহাবিদ্যালয় চৌহদত কেবাটাও গছপুলিও ৰোপণ কৰে।স্মৰ্ত্তব্য যে মহাবিদ্যালয় খনত চলিত মাহৰ ২৬ আগষ্টত প্ৰতিষ্ঠা দিৱস আৰু সোনালী জয়ন্তী বৰ্ষৰ আনুষ্ঠানিক শুভাৰম্ভ হব বুলিও অধ্যক্ষ ড° পাণ্ডাই জানিবলৈ দিছে।