নাজিৰাত আনুষ্ঠানিকতাৰ মাজেৰে গৃহপ্ৰৱেশ সমাৰোহৰ আয়োজন

117

নাজিৰাত আনুষ্ঠানিকতাৰ মাজেৰে গৃহপ্ৰৱেশ সমাৰোহৰ আয়োজন

দুৰ্নীতিৰ দৰ্পণ সেৱা , নাজিৰা , নয়নমণি ফুকন , ১৩ আগষ্ট : ভাৰত চৰকাৰৰ গৃহপ্ৰৱেশ সমাৰোহ উপলক্ষে আজি নাজিৰা মহকুমাত প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত নাজিৰা পৌৰসভা এলেকাত তিনিটা চৰকাৰী গৃহ আৰু শিমলুগুৰিত দুটা চৰকাৰী গৃহৰ গৃহ প্ৰৱেশ কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে আয়োজন কৰা গৃহপ্ৰৱেশ কাৰ্যসূচীত ২০১৭-২০১৮ বিত্তীয় বৰ্ষত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা গৃহ কেইটাৰ শুভ উদ্বোধন কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে ৷ নাজিৰা পৌৰসভাৰ অধীনৰ নাজিৰা নগৰৰ মাজ মজিয়াৰ দেউধাই পথৰ শ্ৰী শ্যাম দাসৰ বাসগৃহ , ১০ নং ৱাৰ্ডৰ ৰবি কুমাৰ সূত্ৰধৰৰ বাসগৃহ আৰু নাজিৰা নগৰৰ ৮ নং ৱাৰ্ডৰ চৈয়দ আকিলুৰ ৰহমানৰ বাসগৃহটি শুভ উদ্বোধন কৰা হয় ৷ তদুপৰি শিমলুগুৰি পৌৰ সভাৰ স্বচ্ ভাৰত অভিযানৰ অধীনত জৈৱিক সাৰ প্ৰস্তুত কৰা যন্ত্ৰৰ শুভ উদ্ধোধন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকি মহকুমাধিপতি সব্যসাচী কাশ্যপে কয় যে ,”গৃহ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা হিতাধিকাৰীলৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় । অৱশ্যে ইয়াৰ ওপৰ-ইঞ্চি খৰচ কৰিব বিচাৰিলে হিতাধিকাৰীয়ে নিজাববীয়াকৈ সেই ধন খৰচ কৰিব লাগিব ।” নাজিৰা মহকুমাৰ অধীনত নিৰ্মাণ হৈ থকা প্ৰধান মন্ত্ৰী আৱাস যোজনা সঠিক প্ৰকাৰে ৰূপায়ন কৰাৰ ক্ষেত্ৰত নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে । এই অনুষ্ঠানত উপস্থিত থাকে সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল , নগৰ আৰু গাওঁ পৰিকল্পনা বিভাগৰ উপ-সঞ্চালক শংকৰ প্ৰসাদ বিশ্বাস তথা নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাৰ বিষয়া কৰ্মচাৰীসকল ।