নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত পিতা–পুত্ৰৰ মৃত্যু,অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

76

নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত পিতা–পুত্ৰৰ মৃত্যু,অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১৬ ছেপ্টেম্বৰঃ নুমলীগড়ত সংগঠিত হৈছে এক মৰ্মান্তিক ঘটনা । বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি ললে পিতা–পুত্ৰই । নুমলীগড়ত প্ৰত্যেক দিনাই অব্যাহত আছে হাতী–মানুহৰ সংঘাত ৷ দৈনিক নুমলীগড়ৰ ভিন্ন প্ৰান্তত অব্যাহত থকা হাতী মানুহৰ সংঘাতে নিদ্ৰাহীনতাত ভূগিছে গঞাঁ ৰাইজ । উল্লেখ যোগ্য যে , খাদ্যৰ সন্ধানত জাক-জাক বন্যহস্তী বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত সৃষ্টি কৰিছে ত্ৰাসৰ । নিশা নুমলীগড়ৰ কাষৰীয়া বকিয়াল ২ নং বুঢ়াগোহাঁই খাটত বন্যহস্তীৰ আক্ৰমণত নিহত হয় পিতা–পুত্ৰ । নিহত পিতৃৰ নাম বিকাশ বৈষ্ণৱ আৰু ২ বছৰীয়া পুত্ৰৰ নাম জ্ঞানদীপ বৈষ্ণৱ । এটা বৃহৎ হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে অতৰ্কিতে পৰিয়ালটোৰ বাসগৃহ ভাঙি আক্ৰমণ কৰে পিতা–পুত্ৰক । কণমানি জ্ঞানদীপ বৈষ্ণৱ হাতীৰ আক্ৰমণত থিতাতে নিহত হোৱাৰ বিপৰীতে পিতৃ বিকাশ বৈষ্ণৱৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় । ইফালে , বাৰম্বাৰ খবৰ দিয়াৰ পিছতো কাষতে থকা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ দল বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । দীৰ্ঘদিন ধৰি সমগ্ৰ অঞ্চলটোত অব্যাহত আছে বন্যহস্তীৰ মুক্ত বিচৰণ । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান এক শোঁকাকুল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত ।