বগৰিবাৰী শালবাৰী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

143

বগৰিবাৰী শালবাৰী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

দুৰ্নীতিৰ দৰ্পণ সেৱা , বগৰিবাৰীৰ পৰা গুলজাৰ হুছাইনৰ বিশেষ প্ৰতিবেদন , ১৬ ছেপ্তেম্বৰঃ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বগৰিবাৰী শালবাৰী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড হৈছে বুলি বাতৰি পোৱা গৈছে । নিমিষতে তিনিটাকৈ দোকান ভুষ্মিভূত হয় । অনুমানিক কুৰি লাখ টকাৰ ক্ষয়ক্ষতি হৈছে বুলি বাতৰি পোৱা গৈছে । প্ৰাপ্ত বাতৰি মতে , এই ঘটনা আজি পুৱা ৮-৩০ বজাত বগৰিবাৰী থানাৰ অন্তৰ্গত শালবাৰী বজাৰত সংঘটিত হয় । এই অগ্নি কাণ্ডত তিনিখন কৈ দোকান সম্পূৰ্ণ ৰূপে জুইত জাহ যায় । অগ্নি নিৰ্বাহক গাড়ী আৰু আৰক্ষীৰ তৎপৰোতাত বাকী দোকান ৰক্ষা পায় যদিও আংশিক বাবে আন ৪ খন দোকান ক্ষয়-ক্ষতি হয় । বিদ্যুৎ ছাৰ্কিট হৈ এই অগ্নিকাণ্ড সংঘটিত হয় বুলি স্থানীয় ৰাইজে মত পোষণ কৰে । বগৰিবাৰী ৰাজহ চক্ৰ বিষয়া আৰু পৰ্বতঝোৰা জিলা ইউপিপি এলৰ সভাপতিয়ে ঘটনাস্থলী পৰিদৰ্শণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয় । এই অগ্নিকাণ্ডৰ ফলত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত কিছু সময়ৰ বাবে বহুতো যান-বাহন আবদ্ব হৈ পৰে । কিন্ত বগৰিবাৰী আৰক্ষীৰ বিশেষ তৎপৰোতাত ৰাস্তা মুকলি হৈ উঠে।