বৰপেটাত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ সজাগতা অভিযান , পুলিচৰ ভয়ত নহয়,কৰোনাৰ ভয়ত মাস্ক পিন্ধক : উপায়ুক্ত

180

বৰপেটাত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ সজাগতা অভিযান , পুলিচৰ ভয়ত নহয়,কৰোনাৰ ভয়ত মাস্ক পিন্ধক : উপায়ুক্ত

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী, ৯ আগষ্ট : আৰক্ষী বা প্ৰশাসনৰ লোকৰ ভয়ত মাস্ক নিপিন্ধিব,মাস্ক পিন্ধক কৰোনাৰ ভয়তহে । আজি বৰপেটা চহৰৰ মাজ মজিয়াৰ পাচঁআলিত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে উলিওৱা এক সজাগতা অভিযানৰ শুভাৰম্ভ কৰি দিয়া ভাষণত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই দৰে কয় । তেওঁ কয় যে,মাস্ক পৰিধান কৰা,হাত ধোৱা আদি অভ্যাসত পৰিণত হলে আমি আন বহুতো বেমাৰৰ পৰা হাতসাৰি থাকিব পাৰিম । কৰোনাক নিৰ্মূল কৰাত তেওঁ ৰাইজৰ সম্পূৰ্ণ সহায়-সহযোগ কামনা কৰে । অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত‌ই আঁত ধৰা উদ্ধোধনী অনুষ্ঠানটোত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা,চক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ জিলা প্ৰকল্প বিষয়া ড: নন্দিতা দত্ত‌ আৰু এন ডি আৰ এফৰ বিষয়া সকল উপস্থিত থাকে । উপায়ুক্ত‌ই পতাকা জোকাৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে উপস্থিত ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে । তাৰ পিছতে চহৰৰ শিৱবাৰী পথতো মাস্ক বিতৰণ আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত হাউলী চহৰতো অনুৰূপ কাৰ্যসূচী ৰূপায়ন কৰা হয় । কাইলৈ বৰপেটা ৰোড আৰু সৰভোগ চহৰত,পৰহিলৈ সৰ্থেবাৰী আৰু বৰপেটা চহৰত আৰু ১২ আগষ্টৰ দিনা সৰ্থেবাৰী আৰু সৰভোগ চহৰত মাস্ক বিতৰণ আৰু সজাগতা অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ তৰফৰ পৰা জনাইছে ।