মাণিকপুৰ প্ৰেছ ক্লাৱৰ নতুন সমিতি গঠন

63
মাণিকপুৰ প্ৰেছ ক্লাৱৰ নতুন সমিতি গঠন
দুৰ্নীতিৰ দৰ্পণ, মাণিকপুৰ, ২২ আগষ্টঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ জ্যোতি শিল্পী সংঘ প্ৰাঙ্গনত দেওবাৰে মানিকপুৰ প্ৰেছ ক্লাৱৰ পুৰণি সমিতি ভংগ কৰি এখন  ৯ জনীয়া নতুন সমিতি গঠন কৰা হয় । মাণিকপুৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি শ্ৰী যুত কৰুণাকান্ত ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত আব্দুল ছোবাহান আলীক সভাপতি , শ্ৰী অপূৰ্ব কুমাৰ ৰায়ক উপ-সভাপতি , বিকাশ ৰায় আৰু ৰফিক আলমক যুটীয়া সম্পাদক আৰু আবুল কায়ুম আলামিনক কোষাধ্যক্ষ হিচাপে লৈ ১৩ জনীয়া নতুন কাৰ্যকৰী সমিতি গঠন কৰা হয় । সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি গৰিয়া মৰিয়া আৰু লাচিত সেনাৰ জিলা তথা আঞ্চলিক সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে । সভাত পুৰণা সমিতিৰ বিষয় ববীয়া সকলে নতুন সমিতি খনক আগন্তুক দিনত কাম কাজ সমূহ গঠনমূলক ভাবে আগবাঢ়ি যাৱলৈ পৰামৰ্শ আগবঢ়ায় ।