মোৰাঝাৰ উদ্দীপন স্কীল ডেভলাপমেন্ট প্ৰশিক্ষণ কেন্দ্ৰত শিক্ষক দিৱস উদযাপন

184

মোৰাঝাৰ উদ্দীপন স্কীল ডেভলাপমেন্ট প্ৰশিক্ষণ কেন্দ্ৰত শিক্ষক দিৱস উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা,হবিবুৰ ৰহমান,০৫ ছেপ্তেম্বৰঃ সমগ্ৰ দেশতে ড°সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম দিৱস উপলক্ষে শিক্ষক দিৱস পালন কৰা হয় ৷ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উলহ মালহেৰে পালন কৰা শিক্ষক দিৱস ৷ ইয়াৰ লগত সংগতি ৰাখি হোজাই জিলাৰ মোৰাজাৰ উদ্দীপন স্কীল ডেভলাপমেন্ট প্ৰশিক্ষণ কেন্দ্ৰতো শিক্ষক দিৱস উদযাপন কৰা হয় । দেওবাৰে পুৱাই মোৰাঝাৰৰ এই প্ৰশিক্ষণ কেন্দ্ৰত দেখা যায় এক উখল-মাখল পৰিবেশ । পুৱাই ৰাধাকৃষ্ণৰ ছবিত মল্যপনৰ লগতে বন্তি প্ৰজলন কৰি মহান ব্যক্তি গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষণাৰ্থী সকলে শিক্ষক-শিক্ষয়িত্ৰী সকলক গামোচা , কলম আদি উপহাৰ দি আৰ্শীবাদ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ উক্ত সভাত উপস্থিত থাকে প্ৰশিক্ষণ কেন্দ্ৰৰ In-charge জাবিৰ আহমেদ আৰু শ্বাৰজুল আলমৰ লগতে প্ৰশিক্ষণ কেন্দ্ৰৰ সমুহ বিষয়ববীয়া সকল । আজিৰ এই সভাত প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে শিক্ষক দিৱস উপলক্ষে বহুমূলীয়া বক্তব্য প্ৰদান কৰে ।