লাহৰীঘাটত শিক্ষক দিৱস উদযাপন

41

লাহৰীঘাটত শিক্ষক দিৱস উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা, লাহৰীঘাট, ৫ চেপ্তেম্বৰ : সমগ্ৰ দেশৰ লগতে আজি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভিন্ন প্ৰান্তত শিক্ষক দিৱস উদযাপন কৰা হয় । একালৰ আদৰ্শ শিক্ষক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় । উল্লেখ্য যে , আজি লাহৰীঘাটৰ বালিডোঙ্গাত বাইট ফিউচাৰ পিপ’লছ ৰোৰেলল এৰিয়া ডেভলপমেন্ট অৱ আসাম নামৰ স্বেচ্ছাসেৱী সংগঠন টোৰ উদ্যোগত বালিডোঙ্গা মাৰকেজ একাডেমীত শিক্ষক দিৱসৰ আয়োজন কৰে । তদুপৰি অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ শিক্ষক শিক্ষয়িত্ৰীক আমন্ত্ৰণ কৰি শিক্ষক সকলক সন্মান জনায় স্বেচ্ছাসেৱী সংগঠনটোৱে । স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মক অঞ্চলটোৰ ৰাইজে শুভেচ্ছা জনোৱাৰ লগতে আগুৱাই যোৱাত আৰ্শীবাদ দিয়ে । ইফালে , লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত আটাইবোৰ শিক্ষানুষ্ঠানতে শিক্ষক দিৱস উদযাপন কৰে । অৱশ্যে কভিড অতিমাৰীৰ বাবে ছাত্ৰ ছাত্ৰীৰ সহাঁৰি বিশেষ ভাৱে দেখা নগ’ল ।