লিডুত তীজ সমাৰোহ সম্পন্ন

38

লিডুত তীজ সমাৰোহ সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা ,মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুৰ পাটকাই ষ্টেডিয়ামত গোৰ্খা মহিলা সমিতি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত তথা গোৰ্খা মহিলা লিডু প্ৰাথমিক শাখা সমিতি সহযোগত উলহ-মালহৰে উদৰ্যাপন কৰা হয় এই তীজ সমাৰোহৰ । মাৰ্ঘেৰিটা আঞ্চলিক গোৰ্খা মহিলা সমিতিৰ উদ্যোগত লিডু পাটকাই ষ্টেডিয়ামত তীজ উৎসৱৰ লগত সংগতি ৰাখি পুৱা গোৰ্খা জাতীয় পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে গোৰ্থা বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা জনায় শ্বহীদ তৰ্পন কৰা হয়। তীজ উপলক্ষে মহিলাসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় । এই উৎসৱক “হৰিতালিকা তীজ” বুলিও কোৱা হয় । গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পাৰগত ভাৱে পালন কৰি আহিছে এই তীজ উৎসৱ ৷ তীজ উৎসৱৰ উপলক্ষে বুধবাৰে লিডুত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে ৷