সমাজসেৱী সংস্থা ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত ই-ৰিক্সা, দমকল, খাদ্য-সামগ্ৰী বিতৰণ

81

সমাজসেৱী সংস্থা ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত ই-ৰিক্সা, দমকল, খাদ্য-সামগ্ৰী বিতৰণ

জমিৰউদ্দিন তালুকদাৰ, ডবকা , ১৭ আগষ্টঃ হোজাই জিলাৰ ডবকাৰ প্ৰতিষ্ঠিত সমাজসেৱী সংস্থা ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেচনে আজি ডবকা গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলো চৌহদত আয়োজিত এখন ৰাজহুৱা সভাত শতাধিক হিতাধিকাৰীৰ মাজত বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰে । কৰ্মসূত্ৰে সুদূৰ ডুবাইত থকা ডবকাৰ দম্পত্তি মহম্মদ আব্দুল জলিল আৰু তেওঁৰ পত্নী জাহানাৰা চৌধুৰীৰ মানসপূত্ৰ ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনে আজি যমুনামুখ সমষ্টিৰ দৰিদ্ৰ দহটা পৰিয়ালৰ মাজত খোৱাপানীৰ বাবে দমকল বিতৰণ কৰাৰ লগতে ডবকা থানা এলেকাত দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে ডবকা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত সিঙৰ হাতত ছটা আধুনিক বেৰিকেড তুলি দিয়ে ৷ একেখন সভাত ডবকাৰ এগৰাকী কৰ্মক্ষম যুৱকক এখন ই-ৰিক্সা, ডবকা নগৰ সমিতিক দহটা জাবৰ পেলোৱা পাত্ৰ আৰু কৰণা মহামাৰীত আপোনজনক হেৰুওৱা ৪০ টা অসহায় পৰিয়ালৰ হাতত খাদ্য-সামগ্ৰীৰ একোটা টোপোলা তুলি দিয়ে ৷ ডবকা বুঢ়ীগাওঁ কলাপানী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তাজ উদ্দিন বৰভূঞাই আঁত ধৰা অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকে ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিপ্তী গগৈ, ডবকা হাজী আনফৰ আলী কলেজৰ অধ্যক্ষ মামুন আজম বৰভূঞা, ডবকা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৃত সিং, ডবকাৰ ডঃ বি আৰ আম্বেদকাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল জলিল পাটোৱাৰী, ডবকা আঞ্চলিক বন বিষয়া জিৰছং টেৰং, সমাজসেৱক আনোৱাৰ হুছেইন, সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি জামাল আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক মাখন চন্দ্ৰ বিশ্বাস, ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বদৰুল ইছলাম বেগ, সমাজকৰ্মী কৃষ্ণকান্ত দত্ত সহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷ ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ শুভাকাংক্ষী আব্দুচ চুবুৰ বৰভূঞা (হীৰা), শিক্ষক মহি উদ্দিন, নাজিম উদ্দিন লস্কৰ, আব্দুল খালিক সহ সংস্থাটিৰ সৈতে জড়িত সকলো কৰ্মকৰ্তাৰ শলাগ লয় ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ সভাপতি আব্দুল জলিল আৰু সাধাৰণ সম্পাদক জাহানাৰা চৌধুৰীয়ে ৷