সাংবাদিক সমাজৰ দাপোন , সমাজখন সঠিক ৰূপত আগবঢ়ায় নিয়াত সাংবাদিকৰ দ্বায়িত্ব অপৰিসীমঃ বিধায়ক ৰমাকান্ত দেউৰী

105

সাংবাদিক সমাজৰ দাপোন , সমাজখন সঠিক ৰূপত আগবঢ়ায় নিয়াত সাংবাদিকৰ দ্বায়িত্ব অপৰিসীমঃ বিধায়ক ৰমাকান্ত দেউৰী

মৰিগাঁৱত জিলা সাহিত্য সভাৰ সাংবাদিক কৰ্মশালা সম্পন্ন , “ৰামধেনু” অনুষ্ঠানত গীতমাতে জীপাল হ’ল পবিতৰা হাট , সাংবাদিক কৰ্মশালাত অৰ্ধশতাধিক সংবাদ কৰ্মীৰ যোগদান

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৪ ছেপ্তেম্বৰ : গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিক সকলে নিৰপেক্ষ দৃষ্টিভংগীয়ে কাম কৰি যাব লাগিব । সমাজত ঘটি থকা ভুল সমূহ শুধৰাই দিয়াটো সাংবাদিক সকলৰ দায়িত্ব । সাংবাদিক সকলে এখন সমাজক আগুৱাই নিয়াত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিব । আৰু তেতিয়াহে আমি এখন সুস্থ সমাজ পাবলৈ সক্ষম হ’ম—–আজি এই মন্তব্য প্ৰকাশ কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । মৰিগাঁও চহৰস্থিত পবিতৰা হাট প্ৰেক্ষাগৃহত মৰিগাঁও জিলা সাহিত্য সভাই আয়োজন কৰা “তথ্যভিত্তিক বাতৰি পৰিৱেশন , শুদ্ধ বানান আৰু উচ্চাৰণ” শীৰ্ষক সাংবাদিক কৰ্মশালাৰ প্ৰাক:ক্ষণত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি বিধায়ক দেউৰীয়ে এই মন্তব্য প্ৰকাশ কৰাৰ লগতে ভাষণ প্ৰসংগত তেওঁ কয় যে- আজিৰ নৱ-প্ৰজন্মই সাহিত্য চৰ্চাত আগবাঢ়ি যোৱা পৰিলক্ষিত গৈছে । চচিয়েল মিডিয়াৰ জৰিয়তে আজিৰ প্ৰজন্মই ইতিহাস সম্বলিত তথ্য আহৰণ কৰি সুন্দৰ কৈ সাহিত্যৰ লগত জড়িত হৈ পৰিছে । কবিতা , গল্পৰ দৰে বহু লিখনিৰ মাজেৰে আজিৰ প্ৰজন্মই সুপ্ত প্ৰতিভা বিকাশ কৰাৰ এখন মঞ্চ পাইছে । এই ক্ষেত্ৰত সাহিত্য সভাই নৱ-প্ৰজন্মক আগুৱাই নিয়াৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি বিধায়ক ৰমাকান্ত দেউৰীয়ে ভাষণত উল্লেখ কৰে । মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই সভাপতিত্ব কৰা উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই কয় যে- সাহিত্যৰ লগত মানুহৰ জীৱনৰ যেনেকৈ সম্পৰ্ক আছে , ঠিক তেনেদৰে সাহিত্যৰ লগত সংস্কৃতি জড়িত আছে । কলম হৈছে দূতবেগী । সংবাদ সেৱাত শুদ্ধ উচ্চাৰণ , বানানৰ লগতে তথ্য ভিত্তিক বাতৰি উপস্থাপন কৰি সমাজ খনক আগুৱাই নিবলৈ অসম সাহিত্য সভাই আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিছে । কাৰণ সংবাদ সেৱাৰ পৰা ভাষা বা শব্দ সাহিত্যৰ মাজলৈ আহিব । সংবাদ মাধ্যমত কিছু ভুল শব্দ বা বাক্যৰ সমালোচনা কৰিব লাগিব , কাৰণ বাক্য লিখোঁতে বা বাতৰি পৰিৱেশন কৰিলে মাৰ্জিত হ’ব লাগে । সাহিত্য সভাই ভাষাক শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা চলাইছে বুলি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই ভাষণত উল্লেখ কৰে । এই অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি অসমীয়া ভাষাক শুদ্ধ ৰূপত উপস্থাপন কৰি সকলোৱে আগুৱাই নিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে । তথ্য ভিত্তিক বাতৰি পৰিৱেশন , শুদ্ধ বানান আৰু উচ্চাৰণৰ ক্ষেত্ৰত সাহিত্য সভাই লোৱা প্ৰচেষ্টাৰো তেওঁ শলাগ লয়। উদ্ধোধনী অনুষ্ঠানৰ পিছতেই মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাতৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা “তথ্যভিত্তিক বাতৰি পৰিৱেশন শুদ্ধ বানান আৰু উচ্চাৰণ শীৰ্ষক সাংবাদিক কৰ্মশালাত” জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰি কয় যে- সাংবাদিক সকলে শুদ্ধ ৰূপত তথ্যভিত্তিক বাতৰি পৰিৱেশন কৰিবলৈ হ’লে প্ৰথমতে তথ্য সংগ্ৰহ কৰিব লাগিব । সঠিক তথ্যৰে বাতৰি উপস্থাপন কৰিব লাগিব । কিন্তু বাতৰি কেৱল মানুহৰ কমেণ্টৰ ওপৰত পৰিৱেশন কৰিব নালাগে । কেনেকৈ শুদ্ধ তথ্য আহৰণ কৰি এটা তথ্যভিত্তিক বাতৰি পৰিৱেশন কৰিব পাৰে , কেনেদৰে তথ্য পোৱাৰ সম্বল পোৱা যায় , তাৰ ওপৰত এজন সাংবাদিকৰ সুবিধা হোৱাকৈ বিভিন্ন উপমাৰে বিস্তৃত ভাৱে তেওঁ আলোকপাত কৰে । এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ভূপেন্দ্ৰে নাথ ভট্টাচাৰ্যই সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰি শুদ্ধ বানান লিখাৰ লগতে শুদ্ধ উচ্চাৰণৰ কেনেকৈ কৰিব পাৰি , কি কি কিতাপৰ সহায়ত শব্দৰ অৰ্থ পাব পাৰি , তাৰ ওপৰত বিস্তৃত ভাৱে উপমা দাঙি ধৰে । সাংবাদিক ভট্টাচাৰ্যই সাংবাদিকতাৰ প্ৰতি এচাম নতুন যুৱক-যুৱতীয়ে আকৰ্ষিত হৈ সংবাদ সেৱাত জড়িত হৈছে বুলি মন্তব্য কৰে । আজিৰ উদ্বোধনী অনুষ্ঠানত মৰিগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি মিহিৰ হাজৰিকা,প্ৰাক্তন জিলা সভাপতি হৰেন্দ্ৰ বৰা উপস্থিত থকাৰ লগতে সাংবাদিক কৰ্মশালাৰ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মা , বৰঅসম কাকতৰ সম্পাদক বিৰিঞ্চি কুমাৰ শৰ্মা , মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰচাৰ উপ-সমিতিৰ সভাপতি জাকিৰ হুছেইন আৰু জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাই বিশেষ অতিথি হিচাপে অংশ গ্ৰহণ কৰে । আজি সাংবাদিক কৰ্মশালা খনত জিলা খনৰ অৰ্ধশতাধিক সংবাদ কৰ্মীয়ে অংশ গ্ৰহণ কৰে । আনহাতে , মৰিগাঁও জিলা সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ উদ্যোগত কালি দিনৰ ১ বজাৰ পৰা “নতুন দৃষ্টিৰে সোণোৱালী দিনৰ সন্ধান” শীৰ্ষক ভিন্নধৰ্মী সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয় । মৰিগাঁও জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ পৰিচালনাত কনকলতা শাখা সাহিত্য সভাৰ সদস্য সকলে “চিৰ চেনেহী মোৰ ভাষা জননী” কালজয়ী গীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে । অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্তই । ৰামধেনু উপ-সমিতিৰ সভাপতি মুকুল হাজৰিকাই সভাপতিত্ব কৰা অনুষ্ঠানটোত জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই “নতুন দৃষ্টিৰে সোণোৱালী দিনৰ সন্ধান” শীৰ্ষক ভিন্নধৰ্মী সাংস্কৃতিক অনুষ্ঠানতো উদ্ধোধন কৰি মৰিগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সমূহৰ এলেকাত থকা প্ৰতিভাবান যুৱক-যুৱতীক সাহিত্যৰ প্ৰতি আকৃষ্ট কৰিব লাগিব । নৱ-প্ৰজন্মক সাহিত্য সভালৈ উলিয়ায় আনিব লাগিব বুলিও মন্তব্য কৰি বহু উদীয়মান প্ৰতিভাসম্পন্ন যুৱক-যুৱতীক আগুৱাই নিয়াৰ বাবে মৰিগাঁও জিলা সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি যাব বুলি জিলা সভাপতি হাজৰিকাই উদ্ধোধনী ভাষণত মন্তব্য প্ৰকাশ কৰে । ৰামধেনু উপ-সমিতিৰ সম্পাদক লক্ষীকান্ত শৰ্মাই আঁত ধৰা ভিন্নধৰ্মী সাংস্কৃতিক অনুষ্ঠানটোত মৰিগাঁও জিলা সাহিত্য সভাৰ শাখা সমূহৰ পৰা বহু প্ৰতিভাসম্পন্ন যুৱক-যুৱতীয়ে বৰগীত , সত্ৰীয়া নৃত্য , তিৱা নৃত্য, কবিতা আবৃত্তি, গীত-নৃত্যৰে অনুষ্ঠানটো জীপাল কৰি তোলে । অনুষ্ঠানটোত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমণি গোস্বামী, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মহেন্দ্ৰ শইকীয়াই শুভেচ্ছামূলক ভাষণ আগবঢ়োৱাৰ লগতে জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অজিত শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।