আৰ টি আই কৰ্মী সন্থাৰ বটদ্ৰৱা ব্লক কমিটি গঠন

143

আৰ টি আই কৰ্মী সন্থাৰ বটদ্ৰৱা ব্লক কমিটি গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা , আবুল হুছেইন, টুকটুকী , ৯ আগষ্ট : অসম ৰাজ্যিক আৰ টি আই কৰ্মী সন্থাৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা আৰ টি আই কৰ্মী সন্থাৰ সহযোগত বটদ্ৰৱা ব্লকৰ অন্তৰ্গত চৰকাৰী বিভিন্ন আচঁনিত হোৱা দুৰ্নীতি জনসাধাৰণক অৱগত কৰি সঠিক বাবে আঁচনি সমূহ ৰূপায়ন যাতে হয় , তাৰ প্ৰতি লক্ষ্য ৰাখি আজি কটহগুৰি বজাৰত বটদ্ৰৱা ব্লক আৰ টি আই কৰ্মী সন্থাৰ ৩১ জনীয়া কমিটি গঠন কৰা হয় । উক্ত সভাত উপস্থিত থাকে নগাঁও জিলা সমিতিৰ উপ-সভাপতি ৰিয়াজ উদ্দিন আহমেদ , সাংগঠনিক সম্পাদক হিদায়ৎ উল্লাহৰ লগতে জিলা ব্লক পৰ্যায়ৰ সদস্য বৃন্দ সকল । উক্ত সভাতে অৱসৰ প্ৰাপ্ত শিক্ষক ইন্তাজ আলীক সভাপতি,নুৰ হুছেইন,আঃ ছালামক উপ-সভাপতি,এমৰাদুল হুছেইনক সাধাৰণ সম্পাদক আৰু জোচেফ , ইলিয়াছক সহ সম্পাদক । মুকচিদুল , নজৰুল , মোছাব্বিৰ , আবুল কালাম আজাদক প্ৰচাৰ সম্পদক । মাজিদুল,ৰাইহান , শ্বহিদুল তথ্য সম্পাদক হিচাপে লৈ ৩১ জনীয়া পূৰ্ণাঙ্গ কমিটি গঠন কৰা হয় ।