কেটেতং সমবায় সমিতিৰ সাধাৰণ সভা সম্পন্ন

50

কেটেতং সমবায় সমিতিৰ সাধাৰণ সভা সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা , ১৫ চেপ্তেম্বৰঃ তিনিচুকীয়া জিলাৰ অন্তৰ্গত কেটেতং সমবায় সমিতিৰ সাধাৰণ সভাখন আজি কেটতং ৰঙ্গমঞ্চত অনুষ্ঠিত হৈ যায় । সভাত সভাপতিত্ব কৰে কেটেতং সমবায় সমিতিৰ পৰিচালনা সমিতিৰ সঞ্চালক গৰেশ্বৰ শৰ্মাই । সভাৰ উদেশ্যে ব্যখ্য কৰে সম্পাদক দুমাই দোৱনীয়াই । পৰ্যৱেশক হিচাপে উপস্থিত থাকে সমবায় সমিতিৰ তিনিচুকীয়া উপঃপঞ্জীয়ক কাৰ্যলয়ৰ পৰিদৰ্শক কুলেন্দ্ৰ কোঁৱৰে । সভাত বিগত বৰ্ষটোত কেটেতং সমবায় সমিতিৰ লাভ-লোকচানৰ হিচাপ নিকাচ সম্পৰ্কত সম্পাদকে বিশদভাবে ৰাইজৰ আগত অৱৰ্গত কৰে । সম্পাদকে জানিবলৈ দিয়া মতে , বিগত বৰ্ষটোত কেটেতং সমবায় সমিতিয়ে ৬ লাখ ৫৬ হাজাৰ ৩৬ টকা লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে , বিগত বৰ্ষটোত সমবায় সমিতিৰ তৰফৰ পৰা কেটেতঙত এলানি বজাৰ গৃহ নিৰ্মাণৰ কাম প্ৰায় সম্পুৰ্ণ হৈ উঠিছে বুলি জানিবলৈ দিয়ে । যোৱা বৰ্গটোত সমিতিয়ে নিজাববীয়াকৈ কোনো নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম নহল যদিও আগন্তোক বৰ্ষত কেবাটাও নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰা কথা উল্লেখ কৰে । ২০২১-২২ বৰ্ষ বাজেট আজি সভাতে গ্ৰহণ কৰা হয় । উক্ত সাধাৰণ সভাত উপস্থিত থাকে কেটেতং সমবায় সমিতিৰ সঞ্চালক মণ্ডলী সমূহ সদস্য-সদস্যাসকল,আভ্যন্তৰীণ হিচাপ পৰীক্ষক নন্দেশ্বৰ মাচে,ইংথেম গাওঁ পঞ্চায়তৰ সভানেত্ৰী অৰুণা গুদুংসহ সমবায় সমিতিৰ অংশীদায়ী ৰাইজ সকল ।