গ্ৰাম্য সাংবাদিক সন্থা , অসমৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

103
গ্ৰাম্য সাংবাদিক সন্থা , অসমৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন
দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ পৰা মুকুল বাইলুংৰ প্ৰতিবেদন , ২১ আগষ্ট : শিৱসাগৰ জিলাত ২০০০ চনৰ আগষ্ট মাহৰ ২০ তাৰিখে প্ৰতিষ্ঠা হোৱা গ্ৰাম্য সাংবাদিক সংস্থাৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস ২০ আগষ্ট শুক্ৰ বাৰে শিৱসাগৰ নগৰস্থিত ৰংপুৰজ্যোতি ক্লাৱত উদ্‌যাপন কৰে । সংস্থাৰ পতাকা উত্তোলন কৰে তদৰ্থ সমিতিৰ সভাপতি ব্ৰজেন ফুকনে । পতাকা উত্তোলনৰ পাছতে মুকলি সভা অনুষ্ঠিত হয় । বিশিষ্ট সমাজ কৰ্মী লুহিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে শিৱসাগৰ বিধায়ক আখিল গগৈ উপস্থিত থাকি সাংবাদিক সকলৰ দায়িত্ব আৰু কতব্যৰ সম্পৰ্কত বক্তব্য আগবঢ়ায় । উক্ত সভাত শিৱসাগৰ জিলাৰ অতিৰিক্ত উপাযুক্ত বিতোপন নেওগ , শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্ত , জেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ আৰু মনোজ কুমাৰ গগৈকে ধৰি ভালে সংখ্যক সাংবাদিক তথা শুভাকাংক্ষী লোক উপস্থিত থাকে । উল্লেখ্য যে , জেষ্ঠ সাংবাদিক মাধৱজ্যোতি দেউৰি পৰিবেশিত বৰ গীতে মুকলি সভাত উপস্থিত সকলক মুগ্ধ কৰে ।