তিনিচুকীয়া-মাকুম বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা , এজন নিহত , ১০ জন আহত

84

তিনিচুকীয়া-মাকুম বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা , এজন নিহত , ১০ জন আহত

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া , ১২ চেপ্তেম্বৰঃ তিনিচুকীয়াৰ বাইপাছত আজি বিয়লি এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়।জানিব পৰা মতে , মাকুম পৰা তিনিচুকীয়া অভিমুখে গৈ থকা চাহ পাত কঢ়িওৱা এ এচ ২৩ চিচি ৬৬০৮ নম্বৰৰ বলে’ৰ পিকআপ এখন আৰু তিনিচুকীয়া পৰা মাকুম অভিমুখে গৈ থকা এ এচ ২৩ চিচি ০২৯০ নম্বৰৰ যাত্ৰী কঢ়িওৱা অটো ৰিক্সা এখনৰ মাজত মুখামুখি সংঘৰ্ষত হয় । এই দুৰ্ঘটনাৰ ফলত দহ জন লোক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে এজন থিতাতে নিহত হয় । এই ভয়ঙ্কৰ সংঘৰ্ষৰ ফলত দুয়োখন বাহন পথৰ কাষৰ নলাত বাগৰি পৰে । আহত লোক কেইজনক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰা হয় যদিও ছয়জনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । আনহাতে , মৃত ব্যক্তিজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই যদিও বলেৰ পিক আপখনৰ চালক বুলি সন্দেহ কৰা হৈছে । মৃত দেহ মৰনোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰা হৈছে । উল্লেখযোগ্য যে , তিনিচুকীয়া-মাকুম বাইপাছত অধিক দ্ৰুত বেগে গাড়ী চলাচল কৰাৰ বাবেই প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে । দ্ৰুত গতিত গাড়ী সমূহ চলাচল কৰাৰ বাবেই এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । কিন্তু আজি পৰ্যন্ত জিলা প্ৰশাসনে গাড়ীৰ গতি বেগ নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । স্থানীয় ৰাইজে অতি সোনকালে গাড়ী সমূহৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ গতিৰোধক নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ।