মৰিগাঁও শংকৰদেৱ বিদ্যা নিকেতনত ম’বাইল টেবলেট বিতৰণ

212

মৰিগাঁও শংকৰদেৱ বিদ্যা নিকেতনত ম’বাইল টেবলেট বিতৰণ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৯ আগষ্ট : ইন্টাৰনেটৰ জৰিয়তে বিশ্বৰ সৰ্বোচ্চ তথ্য সমৃদ্ধ জ্ঞান লাভৰ দ্বাৰা শিক্ষাৰ মানদণ্ডক অধিক গুৰুত্ব সহকাৰে আগুৱাই নিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে সমাজত এজন উচ্চ শিক্ষিত ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰাত সহায়ক হোৱা উদ্দেশ্যে আজি মৰিগাঁও চহৰৰ মাজ মজিয়াত অৱস্থিত শংকৰদেৱ বিদ্যা নিকেতনৰ দহ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক মৰিগাঁও জিলাৰ অন্যান্য পিছপৰা শ্ৰেণীৰ বৰ্ডে ম’বাইল টেবলেট বিতৰণ কৰে । মৰিগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আজি দিনৰ ১১ বজাত পৰিচালনা সমিতিৰ সভাপতি হৰেন্দ্ৰ বৰাই উদ্বোধন কৰা ম’বাইল টেবলেট বিতৰণ অনুষ্ঠানত অন্যান্য পিছপৰা শ্ৰেণী বৰ্ডৰ অধ্যক্ষ শিৱাজী ডেকাই অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক বিতৰণ কৰা ম’বাইল টেবলেটত ইন্টাৰনেটৰ সহায়ত শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ইতিবাচক দিশত আগুৱাই যোৱাত সহায় হ’ব বুলি আশা প্ৰকাশ কৰে । বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক অতনু শৰ্মাই আঁত ধৰা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে নিজক শিক্ষাৰ ক্ষেত্ৰত অধিক আগুৱাই নি দেশৰ এজন সু-নাগৰিক হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব , তাৰ ওপৰত বিস্তৃত আলোকপাত কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই । উক্ত অনুষ্ঠানত বিদ্যালয় খনৰ প্ৰধান আচাৰ্য্যা দীপশিখা বৰা , উপ-আচাৰ্য বলেন হাজৰিকাৰ লগতে সাংবাদিক বাবু মনি শৰ্মাকে ধৰি বিদ্যালয় খনৰ কাৰ্যনিৰ্বাহ সদস্য তথা প্ৰাক্তন ৱাৰ্ড কমিচনাৰ লোহিত কলিতাৰ লগতে প্ৰমোদ মেধিয়ে অংশ গ্ৰহণ কৰে । অনুষ্ঠানৰ পূৰ্বে বিদ্যালয় খনৰ প্ৰধান আচাৰ্য্যা দীপশিখা বৰাই বন্তি প্ৰজ্বলন কৰাৰ লগতে আদৰণি ভাষণ আগবঢ়ায় বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি হৰেন্দ্ৰ বৰাই ।