মৰিগাঁৱত শ্ৰী মৎ দেৱদামোদৰ সংঘৰ জিলা সমিতি গঠন

103

মৰিগাঁৱত শ্ৰী মৎ দেৱদামোদৰ সংঘৰ জিলা সমিতি গঠন

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৯ আগষ্ট : মৰিগাঁৱত শ্ৰী মৎ দেৱদামোদৰ সংঘৰ মৰিগাঁও জিলা সমিতি খন আজি পুৰ্ণাংগ ৰূপত গঠন কৰা হয় । মৰিগাঁৱৰ মাজ মজিয়াস্থিত সেৱাশ্ৰম প্ৰাংগনত শ্ৰী শ্ৰী জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ সভাপতিত্বত আজি দিনৰ ভাগত অনুষ্ঠিত হোৱা সভাই গণেশ শৰ্মাক সভাপতি , ঋতুৰাজ গোস্বামী আৰু লোহিত চন্দ্ৰ দাসক সম্পাদক হিচাপে নিৰ্বাচিত কৰি শ্ৰী মৎ দেৱদামোদৰ সংঘৰ ২১ জনীয়া শক্তিশালী মৰিগাঁও জিলা সমিতি খন গঠন কৰা হয় । উল্লেখ্য যে- শ্ৰী মৎ দেৱদামোদৰ সংঘৰ মৰিগাঁও জিলা সমিতি খন গঠন হৈ শ্ৰী মৎ দেৱদামোদৰ জন্মস্থান আদ্যলীলা ভূমি কোবাইকটা সত্ৰ বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায় সমিতি খনে এক লিখিত প্ৰস্তাৱ গ্ৰহণ কৰে । মৰিগাঁৱত আজি কভিদ প্ৰট’কল ৰক্ষা কৰি অনুষ্ঠিত হোৱা সভাত শ্ৰীশ্ৰী জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ তথা শ্ৰী মৎ দেৱদামোদৰ সত্ৰৰ কেন্দ্ৰীয় সমিতিৰ মাৰ্গদৰ্শক যুগল চন্দ্ৰ দেৱগোস্বামী,অসম ব্ৰাহ্মণ সমাজৰ সম্পাদক প্ৰধান গণেশ শৰ্মাকে ধৰি শ্ৰীশ্ৰী শিলডুবি সত্ৰৰ ডেকা সত্ৰীয়া পোৱাল চন্দ্ৰ গোস্বামী,মৰিগাঁও জিলা সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি ক্ষীৰোদ কুমাৰ গোস্বামী,কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক কাৰ্যধিকাৰ শিৱৰঞ্জন বৰুৱাৰ লগতে জিলা খনৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।