অসমত আন্তঃৰাজ্যিক পাৰ প্ৰত্ৰ প্ৰৱৰ্তনৰ দাবীত বৰডুমচাত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিকৃতি চেক গেট

104
অসমত আন্তঃৰাজ্যিক পাৰ প্ৰত্ৰ প্ৰৱৰ্তনৰ দাবীত বৰডুমচাত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিকৃতি চেক গেট
দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰমোদ ভূঞা , বৰডুমচা , ২৫ আগষ্ট ঃঃ অসম সীমামুৰিয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সীমান্তত আন্তঃৰাজ্যিক পাৰপত্ৰ চেকগেট স্থায়ীভাৱে স্থাপন কৰা দীৰ্ঘদিনীয়া দাবীত বৰ্তমানেও অটল আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰডুমচাত অৰুণাচল প্ৰদেশৰ গেটৰ সন্মুখত প্ৰতীকী চেকগে’ট স্থাপন কৰি আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰবর্তনৰ দাবীত  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সংগঠনটোৱে জন্মলগ্নৰে পৰাই অসম তথা অসমৰ খিলঞ্জীয়া লোকৰ ভাষা, সংস্কৃতি, সাহিত্য, ঐতিহ্য,পৰম্পৰা আৰু জনগাঁঠনি যাতে চিৰদিনৰ বাবে সুৰক্ষিত হৈ থাকে , তাৰ বাবে ধাৰাবাহিক ভাৱে গণতান্ত্ৰিক সংগ্ৰাম চলাই আহিছে । পৰিষদৰ এই গণতান্ত্ৰিক আন্দোলনক কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰি আজি পৰ্যন্ত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবর্তনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল । যাৰ ফলশ্ৰুতিত আজি যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত ডিগবৈ আঞ্চলিক সমিতিৰ আৰু পেঙেৰি বৰডুমচা আঞ্চলিক সমিতিৰ উদ্যোগত অসম অৰুণাচল সীমান্তবৰ্তী বৰডুমচা গেটৰ সন্মুখত প্ৰতীকী চেকগে’ট স্থাপনেৰে অতি শীঘ্ৰে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ( ইনাৰ লাইন পাৰ্মিট) প্ৰবর্তনৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে কেইবাঘণ্টা যোৰা প্ৰতিবাদ সাব্যস্ত কৰি অসম তথা খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ( ইনাৰ লাইন পাৰ্মিট) প্ৰবর্তনৰ ব্যৱস্থা কৰক , অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধান কৰক , অসমৰ পৰা বিদেশী বিতাৰণ কৰক , খিলঞ্জীয়া অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰক আদি শ্ল’গানেৰে সীমান্তবৰ্তী  উত্তপ্ত কৰি তুলি দাবী উত্থাপন কৰে । দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক পাৰপত্ৰ চেক গেট স্থাপনৰ বাবে সংগঠনটোৱে কৰা দাবীক চৰকাৰে কেনেদৰে যোগাত্মক দৃষ্টি হাতত লয় , সেয়া এক লক্ষণীয় বিষয় হিচাপে পৰিগণিত হ’ব ।