অসমত গাওঁ থকালৈকে থাকিব গ্ৰাম্য পুথিভঁৰাল , মৰিগাঁৱত গ্ৰন্থাগাৰিক দিৱস উদযাপন

106

অসমত গাওঁ থকালৈকে থাকিব গ্ৰাম্য পুথিভঁৰাল , মৰিগাঁৱত গ্ৰন্থাগাৰিক দিৱস উদযাপন

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১২ আগষ্ট ঃ মৰিগাঁও জিলা পুথিভঁৰালৰ গ্ৰন্থাগাৰিক উৎপলা বৰুৱাৰ উদ্যোগত আজি মৰিগাঁও জিলা পুথিভঁৰালৰ সভাগৃহত এক আলোচনা সভা আৰু পুথিভঁৰাল আন্দোলনৰ অন্যতম বাটকটীয়া ড° শিৱালী ৰামমৃত ৰংগনাথনৰ প্ৰতিছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বালনেৰে উদযাপন কৰা হয় গ্ৰন্থাগাৰিক দিৱস ৷ কভিড বিধি মানি অনুষ্ঠিত হোৱা আলোচনা সভাখনত সভাপতিত্ব কৰে গ্ৰন্থাগাৰিক উৎপলা বৰুৱাই ৷ আলোচনা সভাত বিশিষ্ট চিন্তাবিদ তথা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাতৰে ভাষণ প্ৰসংগত কয় যে , গ্ৰন্থ হৈছে আমাৰ সভ্যতাৰ প্ৰতীক ৷ গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানুহে জ্ঞান আহৰণৰ উপৰিও সমাজ উন্নয়নত আৰু নতুন প্ৰজন্মক দিশ নিৰ্ণয়ত সহায় কৰিব পাৰে ৷ পাঠক দৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বৰ্তমান সময়ত কিতাপৰ প্ৰতি এচামৰ অনীহা বৃদ্ধিত উদ্বেগ প্ৰকাশ কৰে ৷ আনহাতে , সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই কয় , অসমৰ সভ্যতা হৈছে গাঁও কেন্দ্ৰিক সভ্যতা ৷ অসমত যেতিয়ালৈকে গাঁও থাকিব তেতিয়ালৈকে গাঁৱলীয়া পুথিভঁৰাল থাকিব , কাৰণ পুথিভঁৰাল হৈছে গাঁও অঞ্চলৰ নতুন প্ৰজন্মৰ সামাজিক কাম কাজ কৰাৰ আদি অনুষ্ঠান ৷ লগতে তেওঁ উল্লেখ কৰে যে , বৰ্তমানৰ গ্ৰাম্য পুথিভঁৰাল সমূহক আধুনিক ৰূপ দি কিতাপৰ লগতে তথ্য,সাংস্কৃতিক আৰু ক্ৰীড়া কেন্দ্ৰ হিছাপে গঢ়ি তুলিবলৈ পৰামৰ্শ আগবঢ়াই ৷ তাৰ বাবে অসমত এখন পুথিভঁৰাল আইন প্ৰণয়ন অচিৰেই চৰকাৰে কৰিব লাগে বুলি মত পোষণ কৰে ৷ সভাত মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সম্পাদক বলদেৱ নাথেও সভাত বক্তব্য আগবাঢ়াই ৷ আলোচনা সভাত কিছু সংখ্যক গ্ৰাম্য পুথিভঁৰালী,জিলা পুথিভঁৰালৰ কৰ্মচাৰীৰ উপৰিও ছাত্ৰ নেতা লোকেন্দ্ৰ ছেত্ৰী,জিলা পুথিভঁৰালৰ অৱসৰপ্ৰাপ্ত গাণনিক উমেশ চন্দ্ৰ বৰা,জিলা পুথিভঁৰাল সন্থাৰ সহকাৰী সম্পাদক চাহাবুদ্দিন আহমেদ প্ৰমূখ্যে ব্যক্তি সকল সভাত উপস্থিত থাকে ৷ আনহাতে ,অধ্যাপিকা ৰাজশ্ৰী দেৱীয়ে আতধৰা সভাখনিতে যোৱা বৰ্ষটোৰ শ্ৰেষ্ঠ আৰু দ্বিতীয় শ্ৰেষ্ঠ পঢ়োৱৈ ক্ৰমে অকণ দাস আৰু ভূমিকা ডেকাক গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় ৷