অসমৰ শক্তিশালী জনতাই বিচাৰে মিত্ৰজোঁটৰ চৰকাৰ , ভৱানীপুৰৰ শালবাৰীত মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত বিশাল নিৰ্বাচনী সভাত সৰ্বানন্দ সোণোৱাল

95

অসমৰ শক্তিশালী জনতাই বিচাৰে মিত্ৰজোঁটৰ চৰকাৰ , ভৱানীপুৰৰ শালবাৰীত মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত বিশাল নিৰ্বাচনী সভাত সৰ্বানন্দ সোণোৱাল

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ, ২৭ অক্টোবৰঃ “অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰ , যিগৰাকী মহান অসমীয়া সন্তানে অসমীয়া জাতিৰ বাবে জীৱন আহুতি দি গ’ল , তেওঁৱেই আছিল ভৱানীপুৰ বিধানসভা সমষ্টিৰ । ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টিৰ শক্তিশালী জনতাই বিচাৰিছে ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ বিজয় হোৱাটো ৷ যাৰ বাবে আজি ভৱানীপুৰৰ সৰ্বস্তৰৰ ৰাইজে প্ৰখৰ ৰ’দ , গৰমক নেওচি হিলদ’ল ভাঙি ওলাই আহিছে মিত্ৰজোঁ‌টৰ প্ৰাৰ্থীৰ সপক্ষে । অকল সেয়াই নহয় , অসমৰ শক্তিশালী জনতাই বিচাৰিছে মিত্ৰজোঁ‌টৰ চৰকাৰখন ৷”-এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ আজি শালবাৰীত ইউ পি পি এলৰ উদ্যোগত মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী জনসভাত ভাষণ দি সৰ্বানন্দ সোণোৱালে কয় যে , যোৱা সাতটা বছৰে সমগ্ৰ ভাৰতবৰ্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মৰম বুটলিবলৈ সক্ষম হৈছে । নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত উন্নয়নৰ যাত্ৰা অব্যাহত আছে । সৰ্বস্তৰৰ ৰাইজক জীয়াই থকাৰ সুযোগ দিছে ৷ যাৰ বাবে নৰেন্দ্ৰ মোডীক ভাৰতবাসীয়ে আস্থা আৰু বিশ্বাসত লৈছে ৷ সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কয় যে , হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে অসমত উন্নয়নৰ যাত্ৰা সমাজ জীৱন সুষ্ঠ কৰাৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ড্ৰাগছৰ বিৰুদ্ধে সৱল পদক্ষেপ গ্ৰহণ কৰি যুৱ প্ৰজন্মক সঠিক দিশলৈ আগুৱাই নিয়াৰ প্ৰচেষ্টা হাতত লৈছে ৷ সৰ্বস্তৰত সংঘটিত দুৰ্নীতি নিয়ন্ত্ৰনাধীন হৈছে ৷ দিল্লী-দিশপুৰে দৃঢ়তাৰে অসমৰ উন্নয়নৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে ৷ আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰক উন্নয়নৰ বাবে সুযোগ দিব । বিজেপি-অগপ-ইউ পি পি এল , সন্মিলিত গণশক্তিৰ মিত্ৰজোঁ‌টৰ চৰকাৰখন অসমৰ উন্নয়নকামী চৰকাৰ ৷ পোন্ধৰ সহস্ৰাধিক জনতাৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী জনসভাখনত সৰ্বানন্দ সোণোৱালে অধিক উৎফুল্লিত হৈ ভৱানীপুৰৰ উপ নিৰ্বাচনত মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাব বাবে আহ্বান জনায় ৷ নিৰ্বাচনী জনসভাত ভাষণ দি ইউ পি পি এলৰ কাৰ্যকাৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে কয় , অসমৰ গৰিষ্ঠসংখ্যক শান্তিকামী , সমম্বয়কামী আৰু উন্নয়নকামী সৰ্বস্তৰৰ জনতাই বিচাৰিছে মিত্ৰজোঁ‌টৰ চৰকাৰখন আৰু অসমত মিত্ৰজোঁ‌টৰ চৰকাৰখনে , বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিআৰ চৰকাৰখনে সকলো জাতি- জনগোষ্ঠীৰ ৰাইজৰ আশা পুৰণ কৰি এখন দুৰ্নীতিমুক্ত উন্নত ৰাজ্য গঠন কৰাৰ দিশলৈ আগবঢ়াই নিছে ৷ অনাগত দিনত এই চৰকাৰখনে উন্নয়নৰ ৰাজনীতি অব্যাহত ৰাখিব ৷ যিসকলে শান্তি সমন্বয় , উন্নয়ন নিবিচাৰে তেনেকুৱা অপশক্তিয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল চৰকাৰক যধে মধে বদনাম জাপি দি ভুৱা সমালোচনা কৰে । তেনেকুৱা অপশক্তিক ওফৰাই দি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আগুৱাই গৈছে আৰু আগুৱাই যাব । নাৰ্জাৰীয়ে তেওঁৰ ভাষণত অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত বিশাল জয় হ’ব বুলিও দাবী কৰে ৷ সভাত আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেওঁৰ ভাষণত তেওঁৰ বিভাগৰ আঁচনিসমূহৰ জৰিয়তে অসমৰ প্ৰতিটো সমস্যা দুৰ কৰাৰ কাৰণে বলিষ্ঠ পদক্ষেপ ল’ব বুলিও তেওঁৰ ভাষণত কয় ৷ শালবাৰীৰ ইউ পি পি এল নেতাদ্বয় সুৰেশ সৰকাৰ আৰু সত্যজিৎ বড়োৱে আঁত ধৰা জনসভাত বিজেপি নেতা মনোজ বৰুৱা , বড়ো কছাৰী স্বায়ত্ব শাষিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য মহিপাল বড়ো , অগপৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস , অগপ নেতা চিত্তৰঞ্জন বৰ্মন , ইউ পি পি এলৰ মহিলা কোষৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰীয়ে মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত ভাষণ দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ বিধায়ক জয়ন্ত মল্ল বৰুৱা , বিধায়ক ভুপেন বড়ো , হেমাংগ ঠাকুৰীয়া , এমচিএলএ দিলীপ বড়ো , বিজেপি নেতা ৰাতুল শৰ্মা , শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰী , ইউপিপিএল নেতা ক্ৰমে ৰংজালু বসুমতাৰী , বিকণ গয়াৰী, অনিপ বসুমতাৰী, প্ৰদীপ সৰকাৰকে ধৰি কেইবাগৰাকীও বিজেপি-অগপ-ইউপিপিএলৰ বহুসংখ্যক নেতা-নেত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ জনসভাত কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ,ভৃগু কাশ্যপ,ববিতা শৰ্মাই গীত পৰিবেশন কৰে ৷ জনসভাখনত প্ৰাৰ্থী ফনীধৰ তালুকদাৰেেও ভাষণ প্ৰদান কৰাৰ লগতে মঞ্চতেই বিহু নৃত্য কৰে ৷