অসম চুক্তিৰ ৫ আৰু ৬ নং দফা কাৰ্যকৰী কৰাৰ দাবীত কাইলৈ ৰাজ্যজুৰি গণ গৰ্জন কাৰ্যসূচী পালন কৰিব অসম জাতীয় পৰিষদে

77

অসম চুক্তিৰ ৫ আৰু ৬ নং দফা কাৰ্যকৰী কৰাৰ দাবীত কাইলৈ ৰাজ্যজুৰি গণ গৰ্জন কাৰ্যসূচী পালন কৰিব অসম জাতীয় পৰিষদে

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১৩ ছেপ্তেম্বৰঃ ঐতিহাসিক অসম চুক্তিৰ ৫ নং আৰু ৬ নং দফা কাৰ্যকৰী কৰাৰ জৰিয়তে অসমীয়া জাতিক সাংবিধানিক সুৰক্ষা প্ৰদানৰ দাবীত অসম জাতীয় পৰিষদে মঙলবাৰে ৰাজ্যজুৰি গণ গৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ ৰাজ্যৰ জিলা সদৰ স্থান সমূহত অসম জাতীয় পৰিষদ দলৰ নেতা , কৰ্মকৰ্তা সকলে উল্লিখিত দাবীৰ লগতে কা আইন অসমত কাৰ্যকৰী নকৰিবলৈ দাবী উত্থাপন কৰিব ৷ যোৱা ৭ ছেপ্তেম্বৰৰ দিনা ত্ৰিপুৰাৰ প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মাৰ উপস্থিতিত দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উক্ত কাৰ্যসূচী ঘোষণা কৰিছিল । বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আত্মপ্ৰকাশ কৰা লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে শেহতীয়াকৈ ৰাজ্যত সংঘটিত প্ৰতিটো ঘটনা গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হৈছে । দলটোৰ নেতৃত্বই মিজো সীমান্তৰ লাইলাপুৰৰ ঘটনাস্থলী পৰ্যবেক্ষণ কৰা , ভাৰতৰত্ন গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ , নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ শেহতীয়া পৰিস্থিতি অথবা মাজুলীৰ নিমাতীঘাটৰ শোকাকুল পৰিৱেশ পৰ্যবেক্ষণ কৰি ঘটনাৰ বুজ লৈছিল । তাৰ মাজতে সমান্তৰালভাৱে উপ–নিৰ্বাচনৰ বাবেও কঁকালত টঙালি বান্ধিছে অজাপই ।