আন্তঃগাঠনি অভাৱত আধাতে অনুশীলন সামৰিছে মাৰ্ঘেৰিটা-লিডুৰ এদল বক্সাৰে

66

আন্তঃগাঠনি অভাৱত আধাতে অনুশীলন সামৰিছে মাৰ্ঘেৰিটা-লিডুৰ এদল বক্সাৰে

দুৰ্নীতিৰ দৰ্পণ সেৱা ,মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা , ২৮ আগষ্টঃ মনত অদম্য সাহস আৰু হেপাহ থকাৰ স্বতেওঁ থমকি ৰব লগা হৈছে মাৰ্ঘেৰিটা আৰু লিডুৰ একাংশ প্ৰতিভাৱান বক্সাৰ খেলুৱৈয়ে ৷ সপোন আকাশ চোৱাৰ কিন্তূ আন্তঃ গাঠনি তথা অনুশীলনৰ প্ৰৰ্যাপ্ত সুবিধা নথকাৰ বাবে এতিয়া সেই সপোন বাস্তৱত পৰিণত কৰাত হৈ পৰিছে এক বৃহৎ প্ৰত্যাহৱান ৷ ফলত অনুশীলন আধাতেই সামৰিছে মাৰ্ঘেৰিটা- লিডুৰ বহু উদ্যমান যুৱ প্ৰতিভাই ৷যি সময়ত চৰকাৰে ডাঙৰ ডাঙৰ হডিং পষ্টাৰ লগাই ক্ৰীড়া ক্ষেত্ৰত ভাৰত তথা অসমে ব্যাপক উন্নয়ণ হোৱা বুলি দাৱী কৰে ,বাস্তৱত কিন্তু ইয়াৰ এখন উলোটা ছবিহে দেখিবলৈ পোৱা য়ায়|বেছি ভাগ ক্ৰীড়াৰ অনুশীলনৰ বাবে নাই উন্নতমানৰ খেলপথাৰ নাই আন্তঃগাঠনি , নাই পৰ্যাপ্ত সামগ্ৰী সুবিধা | তেনে এখন ছবি দেখিবলৈ পোৱা যায় মাৰ্ঘেৰিটা-লিডুৰ বক্সাৰ খেলুবৈসকলৰ ক্ষেত্ৰতো| তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা -লিডুৰ বক্সাৰ খেলুৱৈসকলে আজি পৰ্যন্ত লাভ নকৰিলে অনুশীলনৰ বাবে কোনো চৰকাৰী সুবিধা ৷ অনুশীলনৰ বাবে খেলুৱৈ সকলৰ নাই এখন উন্নতমানৰ খেলপথাৰ তথা প্ৰশিক্ষণৰ বাবে নাই পৰ্যাপ্ত সামগ্ৰী ৷ কিন্তূ এটা সময়ত লিডুৰ এই প্ৰশিক্ষণ শিবৰৰ পৰাই জন্ম হৈছিল বহুকেইজন সুদক্ষ বক্সাৰ খেলুৱৈ ৷ যিয়ে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ভাৰতবৰ্ষলৈ সুনাম অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷ কল্পনা চৌধুৰী, ৰাজু দাস, বাবুল গড়ৰ দৰে বক্সাৰ খেলুৱৈ জন্ম হৈছিল লিডুৰ এই পশিক্ষণ কেন্দ্ৰৰ পৰাই ৷কিন্তু অতি পৰিতাপৰ বিষয় যেনেধৰনে চৰকাৰে কেন্দ্ৰটো উন্নতমানৰ কৰাৰ ক্ষেত্ৰত তথা খেলুৱৈ সকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত মনোনিৱেশ নাইবা ব্যৱস্থা গ্ৰহন কৰিব লাগিছিল আজিকোপতি তেনে কোনো ভুমিকা গ্ৰহন কৰাৰ পৰিলক্ষিত নহল ৷ স্থানীয় ক্ৰীড়া প্ৰেমী তথা খেলুৱৈ সকলৰ চৰকাৰেলৈ কাতৰ আহ্বান এতিয়া বক্সাৰ প্ৰশিক্ষণ কেন্দ্ৰটোক উন্নতমানদণ্ড কৰি গঢ়িতোলাৰ লগতে খেলুৱৈ সকলৰ অনুশীলনৰ বাবে পৰ্যাপ্ত সুবিধা প্ৰদান কৰাৰ ৷