আলোপতি চৰ উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ গুদামত জহি -খহি যাব ধৰিছে শ শ চৰকাৰী চাইকেল

63

আলোপতি চৰ উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ গুদামত জহি -খহি যাব ধৰিছে শ শ চৰকাৰী চাইকেল

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ২১ চেপ্টেম্বৰঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী আলোপতি চৰ উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ গুদামত জহি- খহি যাব ধৰিছে শ শ চৰকাৰী চাইকেল।জানিব পৰা মতে দুখীয়া ছাত্ৰীক নিবিলাই বছৰ বছৰ কাল গুদামতে পেলাই ৰাখিছে শ শ চৰকাৰী চাইকেল।গুদামত মামৰে ধৰিছে লাখ-লাখ টকাৰ চৰকাৰী চাইকেল।ছাত্ৰীক নিবিলাই গুদামতে পেলাই ৰাখিছে শ শ নতুন চাইকেল। BPL শ্ৰেণীৰ পৰিয়ালৰ ছাত্ৰীক বিলাবলৈ চৰকাৰে দুবছৰৰ পূৰ্বে যোগান ধৰিছিল চাইকেল সমূহ,পিছে ৰহস্যজনক কাৰণত বিতৰণৰ পৰিবৰ্তে পেলাই ৰাখিলে গুদাম ঘৰত।ইটোৰ পাছত সিটোকৈ বানত ডুবি চকুৰ সন্মুখতে নষ্ট হৈ যাব ধৰিছে চৰকাৰী চাইকেল সমূহ।আনহাতে বিকল হৈ পৰা নতুন চাইকেল সমূহ একাংশ ছাত্ৰীয়ে ল’বলৈ মান্তি নোহোৱাৰ পৰিপ্ৰেক্ষিতত মেৰামতি কৰাৰ লগতে ধুই-মচি চাফা কৰিবলৈ আলোপতি চৰ উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ ফালৰ পৰা নিয়োগ কৰা হৈছে একাংশ শ্ৰমিকক ,য’ত আছে একাধিক ফুলকুমলীয়া শিশুও।প্ৰশ্ন হয় কাৰ ছত্ৰছায়াত চৰ উন্নয়ন প্ৰকল্পটোত এনে অনিয়ম ?নে কিবা গোপন অংকৰ বাবেই গুদামত এইদৰে বছৰ-বছৰ কাল ‘ফিক্সড ডিপ’জিট’ ৰ আৰ্হিত ৰখা হৈছে ছাত্ৰীক বিলাবলৈ দিয়া চৰকাৰী চাইকেল বোৰ ?