উপ-নিৰ্বাচনত থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব ধৈৰ্য্য কোঁৱৰ

82

উপ-নিৰ্বাচনত থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব ধৈৰ্য্য কোঁৱৰ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১৬ চেপ্তেম্বৰঃ থাওৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । এই পৰ্যন্ত নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে ধৈৰ্য্য কোঁৱৰৰ নামটো ঘোষণা কৰে । ‘১০৭ নং থাওৰা বিধানসভা আসনৰ বাবে মই ধৈৰ্য্য কোঁৱৰক ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো’, এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ । উল্লেখ্য যে , বিধানসভা নিৰ্বাচনৰ পিছতে কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাইয়ে দল ত্যাগ কৰি বিজেপিত যোগ দিছিল । তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিছিল ১ আগষ্টত । অসমত বৰ্তমান বিধানসভাৰ ৬ খন আসন খালী হৈ আছে । থাওৰাৰ লগতে গোসাইগাঁও , তামুলপুৰ , ভৱানীপুৰ , মৰিয়নী আৰু মাজুলীতো উপ নিৰ্বাচন হ’ব ।