উপ–নিৰ্বাচনৰ টিকট বিচাৰি কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ

56

উপ–নিৰ্বাচনৰ টিকট বিচাৰি কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হবিবুৰ ৰহমান , ১২ ছেপ্তেম্বৰঃ আসন্ন অসম বিধানসভাৰ ছয়টা সমষ্টিৰ উপ–নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ পৰা বহু প্ৰাৰ্থীয়ে টিকট বিচৰা আৰম্ভ কৰিছে ৷ ইয়াৰ বাবে গঠন কৰি দিয়া ছয়খন কমিটী ৷ কমিটীয়ে ১৮ ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ হাতত ৷ মহাজোঁট নাই ,বন্ধুত্ব নাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ৷ এনে সন্ধিক্ষণত অকলে অকলে আসন্ন উপ–নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে কংগ্ৰেছ আৰু বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দল ৷ ইতিমধ্যে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে জিলাই জিলাই সভা-সমিতি পাতি দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ বহি থকা নাই তিনি কাৰ্যকৰী সভাপতি ক্ৰমে কমলাক্ষ দে পুৰকায়স্থ , জাকিৰ হুছেইন শিকদাৰ আৰু ৰাণা গোস্বামীও ৷ উপ–নিৰ্বাচনত ছয়টা সমষ্টিতে প্ৰাৰ্থিত্ব দিবলৈ সাজু হোৱা কংগ্ৰেছে সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত হৈছে বুলি দেওবাৰে শিলচৰত ক’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ভূপেন বৰাই উপ–নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদনৰ আহ্বান কৰা নাই বুলিও জানিবলৈ দিয়ে ৷ কিন্তু ইতিমধ্যে বহু প্ৰাৰ্থিত্ব প্ৰয়াসীয়ে ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে বিচাৰিছে টিকট৷ উপ–নিৰ্বাচনৰ বাবে গঠন কৰি দিয়া ছয় কমিটীয়ে ১৮ ছেপ্টেম্বৰৰ ভিতৰত দিব প্ৰতিবেদন ৷ এই কথা জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ইপিনে , প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়েও দেওবাৰে স্পষ্ট কৰিলে , দল আৰু ৰাইজে বিচাৰিলে মই প্ৰাৰ্থী হ’ম মৰিয়ণি সমষ্টিত ৷ দল আৰু বিধায়ক পদ এৰি বিজেপিত যোগদান কৰা ৰূপজ্যোতি কুৰ্মীক হৰুৱাবলৈ কংগ্ৰেছ সম্পূৰ্ণ বাবে সাজু বুলি জানিবলৈ দিয়ে ৰাণা গোস্বামীয়ে ৷