এইচ আই ভি পজিটিভ্ ৰোগীক প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ মৰিগাঁৱৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ , ৰাইজক আতংকিত নহ’বলৈ ৰাইজলৈ আহ্বান উপায়ুক্তৰ

3430
মৰিগাঁৱত এইচ আই ভি পজিটিভ্ ৩৮ জনলৈ বৃদ্ধি , আগষ্ট মাহৰ ১৭ দিনৰ ব্যৱধানত ৩০ জন এইচ আই ভি পজিটিভ্
এইচ আই ভি পজিটিভ্ ৰোগীক প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ মৰিগাঁৱৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ , ৰাইজক আতংকিত নহ’বলৈ ৰাইজলৈ আহ্বান উপায়ুক্তৰ
ড্ৰাগছত আসক্ত ব্যাক্তিৰ দেহত এইচ আই ভি বিজানু , আতংকিত মৰিগাঁওবাসী ৰাইজ
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৮ আগষ্ট : মৰিগাঁৱত চলিত মাহৰ ১৭ দিনৰ ব্যৱধানত ৩০ জনকৈ যুৱকৰ শৰীৰত মাৰাত্মক এইচ আই ভি বিজানু ধৰা পৰাৰ লগতে এপ্ৰিল মাহৰ পৰা ১৭ আগষ্টলৈ মুঠ ৩৮ জন যুৱকৰ দেহত এইচ আই ভি বিজানু ধৰা পৰা ঘটনাই সমগ্ৰ জিলা খনতে তীব্ৰ আতংকৰ সৃষ্টি হৈছে । মৰিগাঁৱৰ “সোমলা মহিলা সংঘ” নামৰ এটা অগ্ৰনী বেচৰকাৰী সংস্থাই মৰিগাঁও জিলা এইডছ নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত মৰিগাঁও মানিপুৰস্থিত জিলা কাৰাগাৰত ২৯৩ জন লোকক এইচ আই ভি টেষ্ট কৰিছিল । কাৰাগাৰত থকা কয়েদীৰ এইচ আই ভি টেষ্ট কৰাত ৭ জনকৈ ড্ৰাগছত আসক্ত থকা কয়েদীৰ দেহত ধৰা পৰে এইচ আই ভি বিজানু । জিলা কাৰাগাৰত এইচ আই ভি বিজানু দেহত ধৰা পৰা যুৱক কেইজনৰ পৰা তথ্য লৈ গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত “সোমলা নামৰ এই বেচৰকাৰী সংস্থাটোৱে জিলা এইডছ্ নিয়ন্ত্ৰণ বিভাগৰ সহযোগত আৰম্ভ কৰা এইচ আই ভি পৰীক্ষাত চলিত ১ আগষ্টৰ পৰা ১৭ তাৰিখলৈকে ১৮ ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত মুঠ ৩০ জনকৈ যুৱকৰ লগতে এপ্ৰিল মাহত এজন , জুন মাহত ৪ জন আৰু জুলাই মাহত ৩ জনকৈ মৰিগাঁৱত মুঠতে ৩৮ জন যুৱকৰ দেহত এইচ আই ভি বিজানু ধৰা পৰাত সমগ্ৰ জিলা খনতে তীব্ৰ জোকাৰণীৰ সৃষ্টি হোৱাৰ লগতে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে । এই সন্দৰ্ভত সংবাদ মাধ্যমত আজি প্ৰকাশিত বাতৰিক কেন্দ্ৰ কৰি সমগ্ৰ জিলা খনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে এইলৈ ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হয় । আজি এই সম্পৰ্কত জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই মাৰাত্মক এইচ আই ভি বিজানু ধৰা পৰা ৰোগী সকলক প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা এইডছ্ নিয়ন্ত্ৰণ বিভাগক নিৰ্দেশ দিয়ে । উপায়ুক্ত গৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে- এইচ আই ভি পজিটিভ্ ৰোগীৰ সংখ্যা জিলা খনত পুনৰ বৃদ্ধি নহয় , তাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সজাগতা মূলক কাৰ্যসূচী ল’বলৈ জিলা এইডছ্ নিয়ন্ত্ৰণ বিভাগক নিৰ্দেশ দিয়ে । বৰ্তমান এইচ আই ভি বিজানু ধৰা পৰা ৰোগী সকলৰ চিকিৎসা কৰাৰ কোনো ব্যৱস্থা নোহোৱাত বাৰুকৈ অসুবিধাৰ সন্মুখীন হৈছে জিলা এইডছ নিয়ন্ত্ৰণ বিভাগ । এই ৰোগী সকলক উপযুক্ত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা উপায়ুক্তই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়াৰ উপৰিও ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনায় । ইফালে , মৰিগাঁৱৰ অগ্ৰনী বেচৰকাৰী সংস্থা “সোমলা মহিলা সংঘক” চৰকাৰৰ পৰা কেৱল যৌন কৰ্মী সকলক চিকিৎসা বা পৰীক্ষা কৰাৰ বাবেহে অৰ্থৰ যোগান ধৰিছিল , কিন্তু জিলাখনৰ স্বাৰ্থত ড্ৰাগছ আসক্ত ব্যক্তি সকলক পৰীক্ষা কৰিবলৈ যথেষ্ট অৰ্থৰ প্ৰয়োজন হোৱাৰ কথা সংস্থাটোৰ চিইঅ’ মহেন্দ্ৰ শইকীয়াই জানিবলৈ দিয়ে । বেচৰকাৰী সংস্থাটোক এই ক্ষেত্ৰত জিলা উপায়ুক্তই সহায়ৰ হাত আগবঢ়াব বুলি জানিব দিয়ে । উল্লেখ্য যে-মাৰাত্মক ড্ৰাগছ ল’বলৈ ব্যৱহাৰ কৰা চিৰিঞ্জৰ মুলতে এইচ আই ভি বিজানু ইজনৰ পৰা সিজনলৈ বিয়পি মৰিগাঁৱত বৃদ্ধি পাইছে এইচ আই ভি পজিটিভৰ সংখ্যা । মৰিগাঁও জিলাত পাঁচ মাহত এইচ আই ভি বিজানু ধৰা পৰা ৩৮ জনৰে ভিতৰত ৩৭ জনেই ড্ৰাগছত আসক্ত । জিলা খনত কম বয়সীয়া যুৱক সকলে ড্ৰাগছৰ কবলত পৰি এইচ আই ভিৰ বিজানু দেহত লৈ নিজৰ জীৱনলৈ বিপদ কঢ়িয়াই অনাত জিলা খনত তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে । আনহাতে , মৰিগাঁও স্বাস্থ্য বিভাগে এইচ আই ভি পজিটিভ আক্ৰান্ত হোৱা যুৱক সকলক বিনামূলীয়া চিকিৎসা আৰু নিৰিক্ষণৰ ব্যৱস্থা কৰিছে ৷ জিলা খনত এই মাৰাত্মক এইচ আই ভি পজিটিভ্ ৰোগী আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । ইপিনে , মৰিগাঁৱত এইচ আই ভি পজিটিভ্ ৰোগীৰ সংখ্যা বৃদ্ধি পাই অহাত সমগ্ৰ জিলা খনতে তীব্ৰ জোকাৰণীৰ সৃষ্টি হোৱাৰ লগতে এক আতংকময় পৰিৱেশে বিৰাজ কৰাও পৰিলক্ষিত হৈছে ।