এন আৰ এলৰ ত্ৰুটিপূৰ্ণ নিয়োগ নীতিৰ বিৰুদ্ধে গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাৰ ধাৰাবাহিক আন্দোলন অব্যাহত

63

এন আৰ এলৰ ত্ৰুটিপূৰ্ণ নিয়োগ নীতিৰ বিৰুদ্ধে গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাৰ ধাৰাবাহিক আন্দোলন অব্যাহত , বৃহৎ ৰাজহুৱা সভা সম্পন্ন , ২০১৭ বৰ্ষৰ লিখিত পৰীক্ষাত উচ্চ নম্বৰ প্ৰাপকক বঞ্চিত কৰি নূন্যতম নম্বৰ লাভ কৰা প্ৰাৰ্থীক সংস্থাপনৰ অভিযোগ , আজি এন আৰ এলৰ মুখ্যদ্বাৰত অৱস্থান ধৰ্মঘট

দুৰ্নীতিৰ দৰ্পণ সেৱা , জানমনি দও , প্ৰতিবেদক , নুমলীগড় , ১৯ ছেপ্টেম্বৰ : নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই ত্ৰুটিপূৰ্ণ নিয়োগ নীতি গ্ৰহণেৰে থলুৱা নিবনুৱাক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে । সংগঠনটোৱে যোৱা ১৬ ছেপ্টেম্বৰত এন আৰ এলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণেৰে শোধনাগাৰ কঁপাই তোলাৰ পাছত আজি পুনৰ বিভিন্ন দল-সংগঠন আৰু নুমলীগড়ৰ বৌদ্ধিক মহলক লৈ এটা বৃহৎ প্ৰতিবাদী ৰাজহুৱা সভা অনুষ্ঠিত কৰে । তেলগৰম ৰংগমঞ্চত শিক্ষাবিদ- নুমলীগড় শোধনাগাৰ সমীপৱৰ্তী পংকা আঞ্চলিক উন্নয়ন সমিতিৰ উপদেষ্টা ফৰমুজ আলিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাৰ সম্পাদক ভাস্কৰ বৰুৱাই । সভাত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ যুটীয়া সম্পাদক মৃদুল ফুকন,আছুৰ মৰঙী আঞ্চলিকৰ সভাপতি দেভিদ ঠেঙাল,গোর্খা ছাত্ৰ সন্থাৰ মৰঙী আঞ্চলিকৰ সম্পাদক চুজিত ছেত্ৰী,আটছাৰ গোলাঘাট জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি চুমিত দ্বীপ,অসম মটৰ চালক সন্থা-নুমলীগড় শাখাৰ সভাপতি ৰিণ্টু বৰদলৈ , নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ সভাপতি প্ৰশান্ত হাজৰিকা আৰু সম্পাদক ধ্ৰুৱজ্যোতি বৰা,মৰঙী প্ৰেছ ক্লাৱৰ সভাপতি-সম্পাদক ক্ৰমে হেমন্ত শইকীয়া আৰু প্ৰিয়ংদ্বীপ কাকতি তথা চাইন্স ফ’ৰাম,স্নাতক নিবনুৱা সন্থাকে আদি কৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে উপস্থিত থাকি নুমলীগড় শোধনাগাৰৰ ‘মেনেজমেণ্ট’ৰ থলুৱা বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে উদ্দাত্ত কন্ঠেৰে বক্তব্য প্ৰদান কৰে । সভাত ধ্ৰুৱজ্যোতি বৰাই নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগত এজনো এই বিভাগৰ বাবে যোগ্য ব্যক্তি নাই বুলি মন্তব্য প্ৰকাশ কৰে । কিয়নো,শোধনাগাৰৰ উক্ত বিভাগটো এমবিএ ডিগ্ৰীধাৰীৰ পৰিবৰ্তে এচাম অভিযন্তাইহে চলাই আছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । ইপিনে,মৰঙী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰিয়ংদ্বীপ কাকতিয়ে সভাত অতীত ৰোমন্থন কৰি শোধনাগাৰটোৱে কেনেদৰে ইয়াৰ ‘একৰ্ড চৰিত্ৰ’ ৰক্ষা কৰাত ব্যৰ্থ হৈছে সেই সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায় । ন্যায্য প্ৰাপ্য আদায়ৰ দাবীত কাৰিকৰী নিবনুৱা সন্থাই গ্ৰহণ কৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীত সকলোৰে সহযোগিতা লাগিব বুলিও তেওঁ বক্তব্যত উল্লেখ কৰে । উল্লেখ্য যে , কাৰিকৰী নিবনুৱা সন্থাই আহ্বান জনোৱা আজিৰ এই প্ৰতিবাদী সভাত নুমলীগড় শোধনাগাৰে ষড়যন্ত্ৰমূলক ভাৱে ত্ৰুটিপূৰ্ণ নিয়োগ নীতিৰে থলুৱা নিবনুৱাৰ জীৱনক লৈ হেঁতালি খেলা বিষয়টো সকলোৱে একেমুখে ধিক্কাৰ দিয়ে । ইপিনে, কাৰিকৰী নিবনুৱা সন্থাই আজিৰ সভাৰ পাছতে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষলৈ এটি বাৰ্তা প্ৰেৰণ কৰি ভয়াৱহ আন্দোলনৰ মুখামুখি হ’বলৈ সাজু থকাৰ বাবে সকীয়াই দিয়ে । অনাগত সময়ছোৱাত আজি উপস্থিত প্ৰতিটো দল-সংগঠনেই ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । তদুপৰি, আজিৰ সভাই কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ গুণ্ডাগিৰি বন্ধ কৰাৰ লগতে শোধনাগাৰৰ এজন উপ-ঠিকাদাৰ আৰু দুজন শ্ৰমিকক প্ৰহাৰ কৰা বিষয়ৰ ক্ষেত্ৰতো আলোচনা হয় আৰু দোষী জোৱানক নিলম্বন কৰাৰ দাবীৰে ৪৮ ঘণ্টাৰ সময় সীমা বান্ধি পুনৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰে । প্ৰণিধানযোগ্য যে , গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাই ইতিমধ্যে শোধনাগাৰত ২০১৯-২০ বৰ্ষত এপ্ৰেন্টিশ্বিপ গ্ৰহণ কৰা প্ৰতিজন নিবনুৱাকে শীঘ্ৰে সংস্থাপিত কৰা,প্ৰতিবছৰে অৰ্ধশতাধিক বিষয়া নিয়োগ কৰাৰ বিপৰীতে অধিক পৰিমাণে কাৰিকৰী বা অন্যান্য পদৰ সৃষ্টি কৰি থলুৱা নিবনুৱাক সংস্থাপন দিয়া, ২০১৭ বৰ্ষত লিখিত পৰীক্ষা অনুষ্ঠিত কৰি উচ্চ নম্বৰ প্ৰাপকক বঞ্চিত কৰি নূন্যতম নম্বৰ লাভ কৰা প্ৰাৰ্থীক কেনেকৈ স্থায়ীভাৱে নিযুক্তি দিয়া হ’ল; ইয়াৰ উচ্চ তদন্ত কৰা আৰু বঞ্চিত প্ৰাৰ্থীক শীঘ্ৰেই নিযুক্তি প্ৰদান কৰা আদিকে ধৰি ১২ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ কাৰিকৰী নিবনুৱা সন্থাই বিগত ১৮ আগষ্টতেই শোধনাগাৰৰ পৰিচালন সঞ্চালকক প্ৰদান কৰিছিল। কিন্তু, ইয়াৰ পাছত কে’বাবাৰো দ্বিপাক্ষিক বৈঠকো অনুষ্ঠিত হৈ যায় যদিও শোধনাগাৰৰ মেনেজমেণ্টে প্ৰতিবাৰেই বিভিন্ন কৌশলেৰে সংগঠনটোক দিকভ্ৰমিত কৰিবলৈহে যত্ন কৰে । ইয়াৰ ফলশ্ৰুতিত এই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি কাৰিকৰী নিবনুৱা সন্থাৰ সম্পাদক ভাস্কৰ বৰুৱাই মন্তব্য কৰে । উল্লেখ্য যে , কাৰ্যসূচী অনুসৰি, কাইলৈ নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত চাৰিঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত হ’ব ।