এপিএছচি পৰীক্ষাৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি , ভেকচিন লোৱা অথবা কোভিড নিগেটিভ প্ৰাৰ্থীকহে প্ৰৱেশৰ অনুমতি , পৰীক্ষা হলত পানীৰ বটল , ফাউটেন পেন, ঘড়ীও নিষিদ্ধ

308

এপিএছচি পৰীক্ষাৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি , ভেকচিন লোৱা অথবা কোভিড নিগেটিভ প্ৰাৰ্থীকহে প্ৰৱেশৰ অনুমতি , পৰীক্ষা হলত পানীৰ বটল , ফাউটেন পেন, ঘড়ীও নিষিদ্ধ

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ৯ ছেপ্টেম্বৰ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা জিলাতো অহা ১২ ছেপ্টেম্বৰৰ দিনা অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতা মূলক প্ৰাৰম্ভিক বাছনি পৰীক্ষা সম্পূৰ্ণ সুকলমে অনুষ্ঠিত কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে বিস্তৃত ব্যৱস্থা হাতত লৈছে। সেই অনুসৰি ৯ টা পৰীক্ষা কেন্দ্ৰৰ বাবে ৬ জন দণ্ডাধীশক সহকাৰী নিৰীক্ষণ সমন্বয়ক হিচাপে নিয়োজিত কৰা হৈছে। এই দণ্ডাধীশ সকলে নিৰাপত্তাৰক্ষী সহ পৰীক্ষাৰ দিনা জিলা কোষাগাৰৰ পৰা প্ৰশ্ন কাকত সমূহ নি কেন্দ্ৰ‌ৰ নিৰীক্ষকক জমা দিয়াৰ উপৰি নিজ নিজ কেন্দ্ৰ সমূহৰ সকলো দিশ চোৱা-চিতা কৰিব। আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত পৰীক্ষা কেন্দ্ৰৰ সকলো সহকাৰী নিৰীক্ষণ সমন্বয়ক, নিৰীক্ষক আৰু সহকাৰী নিৰীক্ষকৰ উপস্থিতিত পৰীক্ষাৰ প্ৰতিটো দিশৰ পুংখানুপুংখ পৰ্যালোচনা কৰা হয় । জিলাখনৰ ৯ টা কেন্দ্ৰত অনুষ্ঠিত হবলগীয়া এই পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা হৈছে ২৩৮৯ জন। পৰীক্ষা কেন্দ্ৰ সমূহ হৈছে – বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ৩০০ জন, বৰপেটা ছোৱালী মহাবিদ্যালয়ত ৩০০, বৰপেটা আইন মহাবিদ্যালয়ত ২০০, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ২৫০, বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় ১৮৯, হাউলীৰ বি এইছ কলেজ ৩০০, সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত ৩০০, বৰপেটা ৰোডৰ জি এল চৌধুৰী মহাবিদ্যালয়ত ৩০০ আৰু ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত ৩০০ জন প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ কথা। প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে আগদিনাৰ পৰাই কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ’ব। অসম লোকসেৱা আয়োগৰ বিধি অনুসৰি এইবাৰ প্ৰাৰ্থী সকলক পৰীক্ষা গৃহলৈ মোবাইল ফোন বা যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী যেনে হাত ঘড়ী, কেমেৰা, কেলকুলেটৰ, পেন ড্ৰাইভ আদি নিবলৈ দিয়া নহ’ব । এনে যিকোনো ধৰণৰ সামগ্ৰী প্ৰাৰ্থীৰ হাতত পালে তেওঁৰ প্ৰাৰ্থিত্ব নাকচ কৰা হ’ব বুলি সভাত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে স্পষ্ট কৰি দিয়ে। তেওঁ লগতে জনোৱা মতে, আনকি খোৱা পানীৰ বটল আৰু ফাউটেন পেন লৈয়ো পৰীক্ষা গৃহত প্ৰৱেশৰ অনুমতি প্ৰাৰ্থী সকলক দিয়া নহ’ব। ইয়াৰ বাবে প্ৰতিটো কেন্দ্ৰতে পৰ্যাপ্ত নিৰাপত্তা ৰক্ষীৰ ব্যৱস্থা কৰা হ’ব। প্ৰাৰ্থী সকলে ক’লা বা নীলা ৰঙৰ বল পেনহে ব্যৱহাৰ কৰিব পাৰিব। প্ৰশ্ন কাকত খোলা আদি সকলো প্ৰক্ৰিয়াৰ ভিডিওগ্ৰাফী কৰোৱা হ’ব বুলিও জনসংযোগ বিষয়া গৰাকীয়ে জানিবলৈ দিছে। দিনযোৰাকৈ দুয়োবেলা অনুষ্ঠিত হবলগীয়া পৰীক্ষাৰ প্ৰাৰ্থী সকলে কোভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ অথবা কোভিড নিগেটিভ হোৱাৰ প্ৰমাণপত্ৰ জমা দিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে। ৰেট টেষ্টৰ প্ৰমাণপত্ৰ ৪৮ ঘন্টাতকৈ পুৰণি হ’ব নোৱাৰিব। আৰটিপিচিআৰ পৰীক্ষাৰ ক্ষেত্ৰত প্ৰমাণপত্ৰ ৭২ ঘন্টালৈকে গ্ৰহণযোগ্য হ’ব। প্ৰতিটো কেন্দ্ৰতে স্বাস্থ্য কৰ্মীৰ দলে এনে প্ৰমাণপত্ৰ পৰীক্ষা কৰাৰ উপৰি সকলোৰে শৰীৰৰ তাপমানো পৰীক্ষা কৰিব। কোনো প্ৰাৰ্থীৰ জ্বৰ উঠা বুলি গম পালে তেওঁক সুকীয়া কোঠাত বহি পৰীক্ষা দিবলৈ দিয়া হ’ব। অহা দেওবাৰে পুৱা ১০ বজাৰ পৰা ১২ বজালৈ প্ৰথম কাকত আৰু আবেলি ২ বজাৰ পৰা ৪ বজালৈ দ্বিতীয় প্ৰশ্নকাকতৰ পৰীক্ষা অনুষ্ঠিত হ’ব। বস্তুনিষ্ঠ ভাবে অনুষ্ঠিত হবলগীয়া এই পৰীক্ষাত এইবাৰ প্ৰথমবাৰৰ বাবে ভুল উত্তৰৰ বাবে নেতিবাচক নম্বৰ দিয়াৰ ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে গোটেই পৰীক্ষাটো সম্পূৰ্ণ স্বচ্ছ, নিকা আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ সংশ্লিষ্ট বিষয়া সকলৰ প্ৰতি আহ্বান জনাইছে। সভাত অসম লোকসেৱা আয়োগৰ দুগৰাকী প্ৰতিনিধি, চক্ৰ বিষয়াসকল, জিলা পৰিবহন বিষয়া, কোষাগাৰ বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ লোকো উপস্থিত থাকে।