এশিঙীয়া গঁড় সংৰক্ষণৰ বাবে মৰিগাঁৱৰ পৰা লাডাখলৈ বাইক ৰেলী মৰিগাঁৱৰ ছয় যুৱকৰ , জিলাবাসীৰ শুভেচ্ছাই উপচাই পেলাইছে ছয় যুৱকক

160
এশিঙীয়া গঁড় সংৰক্ষণৰ বাবে মৰিগাঁৱৰ পৰা লাডাখলৈ বাইক ৰেলী মৰিগাঁৱৰ ছয় যুৱকৰ , জিলাবাসীৰ শুভেচ্ছাই উপচাই পেলাইছে ছয় যুৱকক
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৯ আগষ্ট : এশিঙীয়া গঁড় সংৰক্ষণ কৰাৰ উদ্দেশ্য আগত ৰাখি মৰিগাঁৱৰ ৬ জন যুৱকে আজি মৰিগাঁৱৰ পৰা বাইক ৰেলী কৰি লাডাখলৈ যাত্ৰা আৰম্ভ কৰে । মৰিগাঁও জিলাৰ ছয়জনকৈ যুৱকে আজি দিনৰ ভাগত পবিতৰা অভয়াৰণ্যৰ পৰা লাডাখলৈ আনুষ্ঠানিক ভাৱে যাত্ৰা আৰম্ভ কৰে । আজি পুৱাৰ ভাগত মৰিগাঁও চহৰৰ বিহুতলিত বিভিন্ন জনৰ পৰা শুভেচ্ছা আৰু শুভ কামনা লৈ দলটোৱে আনুষ্ঠানিক যাত্ৰাৰ বাবে পবিতৰালৈ ৰাওনা হোৱাৰ পথত জাগী-ভকতগাঁৱত সৃষ্টি প্ৰকাশনৰ লগতে বিভিন্ন জনে যুৱক কেইজনক উস্ম আদৰণি জনায় । জাগী-ভকতগাঁৱৰ পৰা নাৰেংগী সংযোগী কথাশিল্পী হোমেন বৰগোহাঞি ৰাজ্যিক পথেৰে গৈ পবিতৰা অভয়াৰণ্যত যুৱক কেইজন উপস্থিত হোৱাত পবিতৰা কৰ্তৃপক্ষৰ লগতে মায়ং আৰক্ষীয়ে শুভেচ্ছা জনোৱাৰ লগতে উষ্ম আদৰণি জনায় । এশিঙীয়া গঁড় সংৰক্ষণৰ বাবে মৰিগাঁৱৰ পবিতৰাৰ পৰা লাডাখলৈ আনুষ্ঠানিক ভাৱে বাইকেৰে যাত্ৰা কৰা মৰিগাঁৱৰ ছয় উদীয়মান যুৱক কেইজন হৈছে অৰ্পণজ্যোতি নাথ, জ্যোতিদ্বীপ বাগলাৰী,দীপক কুমাৰ নাথ,নীলিম দাস,মানস দাস আৰু দিবাকৰ দাস । উল্লেখ্য যে- ৰাজ্যখনৰ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ লগতে মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত এশিঙীয়া গঁড় সংৰক্ষণ আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মৰিগাঁৱৰ এই ছয়জনকৈ যুৱকে চেষ্টা চলাইছে । বিশেষকৈ যুৱক কেইজনে বিশ্ব দৰবাৰত মৰিগাঁও জিলাস্থিত পবিতৰা অভয়াৰণ্যত এশিঙীয়া গঁড় সংৰক্ষণ আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু গঢ়ি তোলাৰ উদেশ্যে আজি যাত্ৰা কৰা মৰিগাঁও জিলাৰ ছয় জন যুৱকক শুভেচ্ছাৰে উপচাই পেলাইছে জিলা খনৰ বিভিন্ন মহলে ।