এয়াৰটেল , ৰিলায়েন্স জিঅ , ভডাফোনৰ মোবাইল সেৱা উন্নত কৰিৱৰ বাবে দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

170

এয়াৰটেল , ৰিলায়েন্স জিঅ , ভডাফোনৰ মোবাইল সেৱা উন্নত কৰিৱৰ বাবে দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ, চাংসাৰি, ১০ আগষ্ট : এয়াৰটেল, ভডাফোন,জিঅৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে জাতীয় সংগঠন সদৌ অসম উন্নয়ন পৰিষদে । ৰাইজৰ সুবিধা-অসুবিধাৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কোটি-কোটি টকাৰ ব্যৱসায় কৰি আছে যদিওঁ ৰাইজৰ প্ৰতি অলপো দায়বদ্ধ হোৱা পৰিলক্ষিত হোৱা নাই এই কোম্পানীবোৰ । অকল মুনাফা অৰ্জনৰ লক্ষ্যৰে ব্যৱসায় কৰি আছে যদিওঁ মোবাইল সেৱা অলপো উন্নত কৰা নাই । আজি কিছুদিনৰ পৰা এই টেলিকম কোম্পানী কেইটাৰ সেৱা অতি নিম্নগামী হৈছে । বহুতো সময়ত ফোনৰ সংযোগো নোপোৱাৰ নিচিনা সমস্যাৰ সন্মূখীন হৱ লগা হৈছে । বৰ্তমান কভিড পৰিস্হিতিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অনলাইন ক্লাছৰ ওঁপৰত গুৰুত্ব দিৱলগা হৈছে যদিওঁ টেলিকম কোম্পানী কেইটাৰ সেৱা নিম্নগামী হোৱাৰ বাবে অনলাইন ক্লাছ কৰাত ছাত্ৰ-ছাত্ৰী সকল সমস্যাৰ সন্মুখীন হৱ লগা হৈছে । সেয়েহে আজি উন্নয়ন পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ নেতৃত্বত যোৱা এটা সজাতী দলে টেলিকম কোম্পানী কেইটাত উপস্হিত হৈ প্ৰতিস্হান কেইটাৰ বিষয়ববীয়াক লগ কৰি সেৱা উন্নত কৰাৰ লগতে বিভিন্ন দাৱী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে । অহা ১৫ দিনৰ ভিতৰত মোবাইল সেৱা উন্নত নকৰিলে প্ৰতিষ্ঠান কেইটাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰিৱ বুলি জনায় পৰিষদৰ কেন্দ্ৰীয় সভাপতিৰ লগতে গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক শুভম দাসে ।