কভিড পৰিস্থিতিত সৃষ্টিশীল কৰ্মৰে আত্মসংস্থাপনৰ বাট মুকলি কৰিছে শোণিতপুৰৰ গৰুডুবাৰ মিলন ৰিমালে

91

কভিড পৰিস্থিতিত সৃষ্টিশীল কৰ্মৰে আত্মসংস্থাপনৰ বাট মুকলি কৰিছে শোণিতপুৰৰ গৰুডুবাৰ মিলন ৰিমালে

দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰীৰ পৰা আজিজুৰ ৰহমান , ৫ ছেপ্টেম্বৰ : কভিডে তচ-নচ কৰিছে অৰ্থনীতি ৷ কভিড পৰিস্থিতিয়ে গ্ৰাম্য অৰ্থনীতিতো যথেষ্ট প্ৰভাৱ পেলালে ৷ একেটা সময়তে দুটা বছৰে কভিডৰ প্ৰভাৱত ব্যৱসায় বানিজ্যত স্তব্ধ হোৱাত বহুতৰে জীৱন জীৱিকালৈ অমানিশা কঢ়িয়াই আনিলে ৷ বহু লোক কৰ্মহীন হবলগা হ’ল কভিড পৰিস্থিতিৰ ফলত ৷ নিৰাশাৰা মাজতো একাংশই নিজকে হতাশ নকৰি কিবা এটা কৰাৰ লক্ষ্যৰে সৃষ্টিশীল কামত জড়িত হৈ আত্ম সংস্থাপনৰ বাট মুকলি কৰি বহুতকে প্ৰেৰনা আৰু উৎসাহ যোগাইছে ৷ ইয়াৰ এক জলন্ত উদাহৰণ শ্নাতক ডিগ্ৰী ধাৰী পিতৃ-মাতৃ হাৰা মিলন ৰিমাল নামৰ এগৰাকী যুৱক ৷ শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ গৰুডুবাৰ মিলন ৰিমাল নামৰ এইগৰাকী যুৱক আৰ্থিক ভাবে বহু দূৰ্বল৷পিতৃ-মাতৃ হাৰা মিলনে নিজে দিছে পৰিয়াল পোহপাল ৷ কভিড পৰিস্থিতিৰ এই সময়ছোৱাত মিলন ৰিমালে অতি কম মুলধন আৰু সীমিত সা যন্ত্ৰ পাতিৰে ঘৰতে LED বাল্ব নিৰ্মানৰ কাম আৰম্ভ কৰিলে ৷ কেইবা বিধৰ ভল্ট অনুযায়ী LED বাল্ব তেওঁ নিজে নিৰ্মাণ কৰা এক ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিলে ৷ দিল্লীৰ পৰা LED বাল্বৰ প্ৰয়োজনীয় সা সামগ্ৰী সমূহ কুৰিয়াৰ যোগে আনি ঘৰতে নিৰ্মান কৰে LED লাইট ৷

কম মূল্যত উন্নত মানদণ্ডৰ বিদ্যুৎ ৰাহি কৰা LED লাইট গ্ৰাহকক দিয়াৰ ব্যৱস্থা কৰিছে ৷ মিলন ৰিমালে নিৰ্মাণ কৰা LED লাইটৰ মূল্য সৰ্বনিম্ন ৫০ টকাৰ পৰা সুৰ্বোচ্চ ২০০ টকালৈ ৷ ইয়াৰ উপৰিও দুবছৰৰ গেৰাণ্টীও দিছে গ্ৰাহকক ৷ উক্ত LED বাল্বৰ নামাকৰণ কৰিছে “ৰিমাল”LED বাল্ব ৷ অঞ্চলটোৰ “ৰিমাল” LED এয়ে ৰাইজৰ সমাদৰো লাভ কৰিছে ৷ বৰ্তমান স্থানীয় দোকান সমূহত বিক্ৰীৰ ব্যৱস্থা কৰাৰ লগতে শোণিতপুৰৰ ঠেলামৰা , ঢেকিয়াজুলি , বৰছলা , ৰঙাপৰা , ওৰাং , মাজবাত আদি ঠাইৰ দোকান সমূহতো “ৰিমাল LED” লাইট বিক্ৰীৰ বাবে প্ৰেৰন কৰাৰ ব্যৱস্থা কৰিছে ৷ এই সন্দৰ্ভত তেওঁ কয়-কভিডৰ জটিল পৰিস্থিতিত উপাৰ্জনৰ পথ নোহোৱা হোৱা বাবে তেওঁ কম মুলধনৰে এই ক্ষুদ্ৰ উদ্যোগটো আৰম্ভ কৰিলে ৷ অৱশ্যে বৈদ্যুতিক কাম কাজ তেওঁ পূৰ্বৰ পৰা জনা বাবে তেওঁ LED বাল্ব নিৰ্মান কৰাত অতি সহজ হৈ পৰিল ৷ ইপিনে , যুৱক জনে জনায় এই তেওঁ কম দিনতে এই কাম কৰি দেখিছে যে ইয়াৰ দ্বাৰা তেওঁ স্বাৱলম্বী হব পাৰিব ৷ এই গৰাকী কভিডৰ জটিল পৰিস্থিতিৰ মাজতো নিজকে সৃষ্টশীল কামত নিয়োজিত হৈ আত্ম সংস্থাপনৰ বাট মুকলি কৰাটোৱে বহুতৰে বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে ৷