কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ অতপালি , সাংবাদিকক অভব্য আচৰণ , সাংবাদিকৰ সন্মূখতে মই মুখ্যমন্ত্ৰীকো কেয়াৰ নকৰো বুলি দম্ভালি

167

কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ অতপালি , সাংবাদিকক অভব্য আচৰণ , সাংবাদিকৰ সন্মূখতে মই মুখ্যমন্ত্ৰীকো কেয়াৰ নকৰো বুলি দম্ভালি

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি , ১৩ ছেপ্তেম্বৰ : কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰ বিষয়া পৰীক্ষিত ফুকনে মই মুখ্যমন্ত্ৰীকো কেৰেপ নকৰোঁ বুলি দম্ভালি মাৰি আজি এজন সাংবাদিকক নিজৰ ভূমি সম্পৰ্কীয় কামৰ বাবে যোৱাত কাৰ্যালয়ৰ ভিতৰতে অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি সাংবাদিকক অপমান সূচক মন্তব্য কৰা এই গৰাকী চক্ৰ বিষয়াৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে পূব কামৰূপ অঞ্চলৰ সচেতন মহলৰ লগতে সামাজিক মাধ্যমত । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে ৰাজ্যৰ সকলো ৰাজহ চক্ৰ বিষয়াক মাতি নি এখন চৰকাৰী সভাত সকীয়নি দিছিল চক্ৰ বিষয়া সকলক । দালাল ৰাজ বন্ধ কৰি দুখীয়া দৰিদ্ৰ কোনো লোকে যাতে চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত আহি সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় , তাৰ বাবে ধমক দিছিল মুখ্যমন্ত্ৰীয়ে । তাৎপৰ্য পূৰ্ণ কথা এই যে , মুখ্যমন্ত্ৰীৰ আহ্বান আৰু ধমকৰ পিছতো এচাম চক্ৰ বিষয়াৰ স্বভাব পৰিৱৰ্তন নোহোৱাৰ গুৰুতৰ অভিযোগ উঠিছে । উল্লেখযোগ্য যে , আজি দৈনিক অসমৰ দুমুনিচকীৰ সাংবাদিক পুলক চমুৱাই নিজৰ ভূমি নামজাৰি প্ৰসংগত কমলপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হৈছিল । সেই সময়ত চক্ৰ বিষয়াৰ কোঠাৰ সন্মুখত কভিড প্ৰটকল ভংগ কৰি আয়ৰ প্ৰমাণ পত্ৰ বিচাৰি যোৱা ছাত্ৰ ছাত্ৰী অভিভাৱক ঠাহ খাই আছিল । তাৰ মাজতে সাংবাদিক পুলক চমুৱা প্ৰথমে লগ ধৰে লাট মণ্ডল লক্ষ্যধৰ নাথক । লাট মণ্ডল নাথে পুলক চমুৱাক মাটিৰ নথি পত্ৰৰে লৈ যায় চক্ৰ বিষয়া পৰীক্ষিত ফুকনৰ ওচৰত । উল্লেখনীয় কথটো হল , বাহিৰত কভিড প্ৰটকল ভংগ কৰি ছাত্ৰ ছাত্ৰী ভৰি থকা সময়তো কিন্তু চক্ৰ বিষয়াৰ ওচৰত এজনো লোক নাছিল । লাট মণ্ডল লক্ষ্যধৰ নাথে চক্ৰ বিষয়া পৰীক্ষিত ফুকনক কথা খিনি অৱগত কৰাৰ মূহুৰ্ততে জাঙুৰ খাই উঠে তেওঁ । ইয়াৰ লগে লগে সাংবাদিক পুলক নাথক উদ্দেশ্যি কয় যে , আপোনাৰ কথা শুনিবলৈ মই বহি থকা নাই । মই মুখ্যমন্ত্ৰীকো কেয়াৰ কৰা মানুহ নহয় । আমি ডাঙৰ চৰকাৰী বিষয়া । আমাৰ লগত কথা পতাৰ সময়ত ব্যবহাৰ শিকি আহিব লাগে , আদি নানা কথাৰে চক্ৰ বিষয়া পৰীক্ষিত ফুকনৰ অভব্য আচৰণত হতভম্ব হৈ পৰে সাংবাদিক পুলক চমুৱা । অভিযোগ উঠিছে যে , লাট মণ্ডল লক্ষ্যধৰ নাথৰ বাবেও পুলক চমুৱাৰ পিতৃৰ নামত আজিও এটুকুৰা ভূমি নামজাৰি নহ’ল । যিটো কাৰণত পৰিয়ালটোৰ প্ৰায় ৫০ হেজাৰতকৈ অধিক টকা ইতিমধ্যে খৰচ হৈছে বুলি সাংবাদিক চমুৱাই জানিবলৈ দিছে । বিগত প্ৰায় ১৫/২০ বছৰ ধৰি কমলপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত তাঁত বাঁতি কাৰি ভাগৰি পৰিছে পুলক চমুৱা আৰু পিতৃ প্ৰফুল্ল চমুৱা । ইজনৰ পিছত সিজন মণ্ডল আৰু চক্ৰ বিষয়া বাগৰি আজি পৰ্যন্ত হৈ নুঠিল চমুৱাৰ ঘৰৰ মাটিৰ সাধাৰণ কামখিনি । তথাপি আজি পুলক চমুৱাই এই গৰাকী নৱনিযুক্ত চক্ৰ বিষয়াক তেওঁৰ মাটিৰ কথাখিনি কৈ সমাধানৰ সুত্ৰ বিচাৰি আহিছিল যদিও প্ৰথমবাৰ লগ ধৰিবলৈ আহিয়েই হতভম্ব হৈ পৰে সাংবাদিক গৰাকী । মুখ্যমন্ত্ৰীৰ সকীয়নিকো গুৰুত্ব নিদিয়া এই গৰাকী চক্ৰ বিষয়াৰ অভব্য আচৰণত ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সচেনত মহলে এনে বিষয়া সকলৰ জৰিয়তে সাধাৰণ ৰাইজ কেনেদৰে উপকৃত হ’ব বুলি প্ৰশ্ন উত্থাপন কৰিছে । জানিব পৰা মতে , সাংবাদিক পুলক চমুৱাই আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ঘটনাৰ সবিশেষ অৱগত কৰিছে । তাৰোপৰি কাইলৈ কমলপুৰ ৰাজহ চক্ৰ বিষয়া পৰীক্ষিত ফুকন আৰু লাট মণ্ডল লক্ষ্যধৰ নাথৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।