কালদিয়া আৰু বেকী নদীৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

110
কালদিয়া আৰু বেকী নদীৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
ঐতিহাসিক কলিবাৰী থান আৰু গোৱৰ্ধনা সত্ৰ পৰিদৰ্শন , বানৰ পাছতে খহনীয়াৰ স্থায়ী সমাধানৰ কাম আৰম্ভ কৰাৰ ইংগিত
দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ , ২৫ আগষ্টঃ ৰাজ্যৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বজালী আৰু বাক্সা জিলাৰ কালদিয়া আৰু বেকী নৈৰ বান আৰু খহনীয়া অধ্যুষিত অঞ্চল ভ্ৰমণ কৰি খহনীয়াৰ বুজ লোৱাৰ লগতে অঞ্চলকেইটাত চলি থকা বিভাগীয় কামৰ খতিয়ান লয় । আজি মন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে পাটাছাৰকুছী অঞ্চলৰ কালদিয়া নদীয়ে শেহতীয়াকৈ ক্ষতি সাধন কৰা মথাউৰিৰ অংশ পৰিদৰ্শন কৰে । উল্লেখ্য যে , কাষৰীয়া জনসাধাৰণৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা মথাউৰিৰ এই অঞ্চল জলসম্পদ বিভাগে অতি ক্ষীপ্ৰতাৰে মেৰামতি কৰি তুলিছিল আৰু নৈ পৰীয়া ৰাইজক এক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিছিল । ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে ঐতিহাসিক কলিবাৰী থানত উপস্থিত হৈ থানখনৰ কাষৰীয়া অঞ্চলৰ কালদিয়া নদীৰ খহনীয়াৰ বুজ লয় । থানখন আৰু কাষৰীয়া অঞ্চলক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ অতি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । কালদিয়া নদীৰ পাৰৰে ওপৰনৈ অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই উপস্থিত সংবাদ মাধ্যমক অৱগত কৰে যে , কালদিয়া নদীৰ এই ১৫ কিলোমিটাৰ মথাউৰিক পকী পথলৈ ৰূপান্তৰিত কৰি ৰাইজক বানৰ পৰা সকাহ দিয়াৰ লগতে পৰিবহনৰো সুবিধা দিয়াৰ লক্ষ্যৰে পদক্ষেপ অতি সোনকালে লোৱা হব । আনহাতে , প্ৰস্তাৱিত মথাউৰিটো কমেও তিনি ফুট ওখ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে । বিয়লিলৈ মন্ত্ৰী পীযুষ হাজৰিকাই বাক্সা জিলাৰ বেকী নদীৰ কাষত অৱস্থিত শ্ৰীশ্ৰীশংকৰ মাধৱ গোৱৰ্ধনা সত্ৰ আৰু এলেংমাৰি অঞ্চল ভ্ৰমণ কৰি নদীখনে সৃষ্টি কৰা খহনীয়াৰ বুজ লয় । গোৱৰ্ধনা সত্ৰ দৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সত্ৰখনক ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগৰ পৰা চলাই থকা কামৰ বুজ লয় আৰু সকলোকে বিভাগীয় নিৰ্দেশনা প্ৰদান কৰে । আনহাতে , বৰ্তমানে অঞ্চলটোত খহনীয়া নিয়ন্ত্ৰণত থকা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে উপস্থিত সংবাদ মাধ্যমক প্ৰকাশ কৰে যে , বানপানীৰ পাছতে সত্ৰখনক খহনীয়াৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ স্থায়ী সমাধানৰ কাম হাতত লোৱা হ’ব । মন্ত্ৰী পীযুষ হাজৰিকাৰ আজিৰ এই পৰিদৰ্শন কালত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য উকীল মুচাহাৰী, বজালী আৰু বাক্সা জিলাৰ উপায়ুক্ত তথা জিলা প্ৰশাসনৰ বিষয়াসকল , জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু বিভাগৰ আন বিষয়াসকল উপস্থিত আছিল ।