কুৰ্শ্বাকাটীত পোষণ মাহ উপলক্ষে সজাগতা সভা , থলুৱা শাক পাচলি প্ৰদৰ্শন

94

কুৰ্শ্বাকাটীত পোষণ মাহ উপলক্ষে সজাগতা সভা , থলুৱা শাক পাচলি প্ৰদৰ্শন

দুৰ্নীতিৰ দৰ্পণ সেৱা,আব্দুৰ ৰহিম মণ্ডল চুনাৰী, ১৬ আগষ্ট : গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ কুৰ্শ্বাকাটী গাওঁত কালি পোষণ মাহ উপলক্ষে এখনি সজাগতা সভা অনুষ্ঠিত হয় । সজাগতা সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে পূৱা সাত বজাত নুৰ বাহাৰ নামৰ ব্যাক্তি এগৰাকীয়ে সজাই পৰাই তোলা কুৰ্শ্বাকাটী দ্বিতীয় খন্ডৰ অঙ্গনবাদী কেন্দ্ৰটো আদৰ্শ কেন্দ্ৰ হিচাপে ঘোষণা কৰি ফিটা কাটি মুকলি কৰে গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰচিদ মন্ডলে । বিধায়ক মন্ডল আৰু লক্ষীপুৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া হীৰেন চন্দ্ৰ দাসে দ্বিতীয় কন্যা সন্তানৰ কল্যানৰ হকে নেপালত কেইবাটাও সোণৰ পদক লাভ কৰা অসমৰ মহিলা খেলুৱৈ সাহিনা বেগমৰ নামত গছ পুলি ৰোপন কৰে । ১১ বজাৰ পৰা আওলাতলী গাওঁ পঞ্চায়তৰ সভাপতি আনোৱাৰ হুচেইনৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত উদ্দেশ্য ব্যাখ্যা কৰে ভাৰত বালা দাসে । সভাত থলুৱা শাক পাচলি সংগ্ৰহ কৰি এক প্ৰদৰ্শনীৰ ব্যাৱস্থা কৰে অঞ্চলটোৰ অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলে । গৰ্ভাৱস্থাত গৰ্ভৱতী মাতৃৰ পৰিপুষ্টি আহাৰ , থলুৱা সতেজ শাকপাচলি , সময় মতে টীকাকৰণ , গৰ্ভাৱস্থাত মাতৃ গৰাকীৰ যতন , ডাক্তৰৰ পৰামৰ্শৰ ভিত্তিত ঔষধ সেৱন, চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ আদিৰ বিষয়ে বহলাই কয় , ক্ৰমে লক্ষীপুৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া হীৰেন চন্দ্ৰ দাস , গাণনিক ছামিনুজ্জামান , এ এচ এম জাকাৰিয়া ,সমাজকৰ্মী সাংবাদিক মতিউৰ ৰহমান , অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল ছামাদ , নেপালত সোণৰ পদক প্ৰাপ্ত মহিলা খেলুৱৈ সাহিনা বেগম , চুপাৰভাইজাৰ সাজেদা বেগম প্ৰমূখ্যে গন্য-মান্য ব্যাক্তিয়ে । লক্ষীপুৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত পহিলা চেপ্টেম্বৰৰ পৰা পোষণ মাহ আৰু মাক্ৰ বন্দনা সপ্তাহৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । ৰঙা ফিটা কাটি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমাজকৰ্মী মতিউৰ ৰহমানে । কালি অনুষ্ঠিত সজাগতা সভাখনত শিশু মঙ্গল দিৱসৰ লগত সংগতি ৰাখি শিশুক পৰিপুষ্টি আহাৰ যোগান ধৰে অঙ্গনবাড়ী চুপাৰভাইজাৰ সকলে । সভাত খনত আনন্দ দায়ক বিভিন্ন গীত মাত আৰু নৃত্যৰে মূখৰিত কৰি তোলে জনজাতিৰ শিল্পী সকলে ।