কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত গোলাঘাট জিলাৰ উন্নয়নী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে পৰ্য্যালোচনা বৈঠক

540

বোকাখাতৰ পৰা পলিমা বি চেতিয়া , ২ আগষ্টঃ অসম চৰকাৰৰ কৃষি , পশু-পালন ও পশু চিকিৎসা আদি বিভাগৰ মাননীয় মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই বোকাখাত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত আজি গোলাঘাট জিলাৰ উন্নয়নী বিভাগসমূহৰ সৈতে এখনি পর্যালোচনা বৈঠকত মিলিত হয় । আজিৰ পৰ্যালোচনা বৈঠকত স্বাস্থ্য কৃষি-পশুপালন , বন , জনস্বাস্থ্য-কাৰিকৰী , লোকনির্মাণ বিভাগ গৃহ তথা পথ সংমণ্ডল , ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ , বিদ্যুৎ, জলসম্পদ তথা পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ বিষয়াসকল উপস্থিত থাকে । বৈঠকত কৃষি মন্ত্ৰীগৰাকীয়ে পোন প্ৰথমেই সমগ্ৰ জিলাখনৰ লগতে বোকাখাতৰ ক’ভিড ১৯ পৰিস্থিতিৰ বুজ লয় । বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে মহকুমাটোৰ ক’ভিড ১৯ পৰিস্থিতি সন্দৰ্ভত সচিত্র উপস্থাপন কৰি পৰিস্থিতি কিছু উন্নত হৈছে বুলি বৈঠকত উল্লেখ কৰে । ইয়াৰ লগতে প্রশাসনে মহকুমাটোত ক’ভিড ১৯ ৰ সংক্ৰমণৰ হাৰ নিম্নগামী কৰিবৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে বুলিও মহকুমাধিপতি গৰাকীয়ে জানিবলৈ দিয়ে । কৃষিমন্ত্ৰী বৰাই মহকুমাটোত ক’ভিড ১৯ ৰ প্ৰতিষেধক পর্যাপ্ত পৰিমাণে আছে নে নাই , সেই বিষয়েও বুজ লয় । একেখন বৈঠকতে বানপানীৰ প্রস্তুতিৰ সন্দৰ্ভতো আলোচনা কৰা হয় । বানপানীৰ প্ৰস্তুতি সন্দৰ্ভত সচিত্ৰ উপস্থাপন কৰে বোকাখাত ৰাজহোচক্ৰ চক্ৰ বিষয়া শৌভিক দত্তই । চলিত বৰ্ষত বৰ্তমানলৈকে বানপানী অহা নাই যদিও  আগন্তুক অক্টোবৰ পর্য্যন্ত সকলো বিভাগকে বানপানীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্রস্তুত থাকিবলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনায় । আনহাতে , বিগত বানপানীৰ সময়ছোৱাত মৃত্যু হোৱা তথা বানত ক্ষতিগ্রস্ত হোৱা পৰিয়ালে ক্ষতিপূৰণ লাভ কৰিছে নে নাই , সেই বিষয়েও বুজ লয় । জলসম্পদ বিভাগৰ তৰফৰ পৰাও বোকাখাত মহকুমাৰ বিভিন্ন এলেকাত নির্মাণ হৈ থকা মথাউৰি তথা বিগত বানত ক্ষতিগ্রস্ত হোৱা মথাউৰি সমূহৰ পুনৰ নিৰ্মাণৰ সচিত্র উপস্থাপন কৰা হয় ।মন্ত্ৰী গৰাকীয়ে জলসম্পদ বিভাগৰ বিভিন্ন আঁচনিৰ কামৰ অগ্ৰগতিৰো সবিশেষ বুজ লয় । বৈঠকত কৃষি মন্ত্ৰী গৰাকীয়ে কৃষি তথা পশুপালন বিভাগৰ অধীনত চলি থকা আচঁনিসমূহৰ অগ্রগতি সন্দৰ্ভ আলোচনা কৰাৰ লগতে বিভাগীয় আচঁনিসমূহৰ হিতাধিকাৰীৰ তালিকা প্রস্তুত কৰাত সাৱধানতা অৱলম্বন কৰাৰ উপৰিও পূৰ্বৰ হিতাধিকাৰীৰ তালিকা পুনৰ নিৰীক্ষণ কৰিবলৈয়ো নির্দেশ দিয়ে , যাতে কোনো যোগ্য হিতাধিকাৰী আচঁনিৰ সুফল লাভৰ পৰা বঞ্চিত নহয় । ইয়াৰ উপৰিও বোকাখাত মহকুমাৰ কোনো কোনো এলেকাৰ কৃষি ভূমিত সৃষ্টি হোৱা শুকান পৰিস্থিতি সন্দৰ্ভতো কৃষি মন্ত্ৰীগৰাকীয়ে জিলা কৃষি বিষয়াৰ পৰা বুজ লয় আৰু এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে । আজিৰ বৈঠকত কৃষি মন্ত্রী অতুল বৰাই লোকনির্মাণ বিভাগ গৃহ সংমণ্ডল আৰু লোকনির্মাণ বিভাগ পথ সংমণ্ডলৰ আধীনত মহকুমাটোৰ বিভিন্ন আঞ্চলত চলি থকা আঁচনিসমূহৰ বিষয়েও আলোচনা কৰে । আনহাতে , ক’ভিড ১৯ ৰ পৰিস্থিতি কিছু নিয়ন্ত্রনলৈ আহিলে সকলো বিভাগকে উন্নয়নমুলক আচঁনিসমূহৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে । পশ্চিম গোলাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক সম্পূর্ণ ক’ভিড ১৯ ৰ নীতি নির্দেশনা পালনৰ মাজেৰে এম.জি.এন. ৰেগাৰ অধীনৰ বিভিন্ন আঁচনিৰ কাম চলাই যাবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । জনস্বাস্থ্য-কাৰিকৰী বিভাগৰ অধীনত বোকাখাত মহকুমাৰ লগতে সমগ্র জিলাখনতে চলি থকা জল-জীৱন আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিদ্যুৎ বিভাগৰ আঁচনিসমূহৰ অগ্ৰগতিৰো কৃষিমন্ত্ৰী গৰাকীয়ে আজিৰ বৈঠকত বুজ লয় । বৈঠকত উপস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক কৰ্মশ্ৰী পি শিৱকুমাৰ আৰু ডি. এফ. অ ৰমেশ গগৈৰ সৈতে মন্ত্রীগৰাকীয়ে  কাজিৰঙাৰ বিভিন্ন দিশসমূহৰ ওপৰতো আলোচনা কৰে । আজিৰ বৈঠকত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা , আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ , অতিৰিক্ত উপায়ুক্ত মুন গগৈ , গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তকে প্ৰমুখ্য কৰি বোকাখাত মহকুমা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে । পৰ্য্যালোচনা বৈঠকৰ অন্তত কৃষিমন্ত্ৰী অতুল বৰাদেৱে  মহকুমাধিপতি কাৰ্য্যালয়ৰ প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত কৃষকৰ মাজত উন্নত প্ৰজাতিৰ ৰণজিৎ চাব ১ আৰু বাহাদুৰ চাব ১ ধানৰ কঠীয়া বিতৰণ কৰে । উল্লেখযোগ্য যে , বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত বানপানীৰ সময়ত কৃষকক সহায় কৰিব পৰাকৈ প্ৰায় ৪০ হেক্টৰ ভূমিত সমূহীয়া নাৰ্চাৰী স্থাপন কৰি এই উন্নত মানৰ ধানৰ কঠীয়া উৎপাদনৰ ব্যৱস্থা কৰিছিল । অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত  মৃগেশ নাৰায়ন বৰুৱা , আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ , মহকুমাধিপতি ডাঃ নেহা যাদৱ আৰু জিলা কৃষি বিষয়া নবীন বৰা , বোকাখাত মহকুমা কৃষি বিষয়া ৰঞ্জিত শৰ্মা প্ৰমুখ্যে কৃষি বিভাগৰ অন্যান্য কৰ্মচাৰী সকল উপস্থিত থাকে ।