কোচ-ৰাজবংশী ছাত্ৰ-ছাত্ৰীক ৰাজবংশী ভাষাত শিক্ষা দানৰ দাবী , বি টি আৰ প্ৰধান প্ৰমোদ বড়োক সাক্ষাৎ কোচ-ৰাজবংশী সাহিত্য সভাৰ সঁজাতি দলৰ

75

কোচ-ৰাজবংশী ছাত্ৰ-ছাত্ৰীক ৰাজবংশী ভাষাত শিক্ষা দানৰ দাবী , বি টি আৰ প্ৰধান প্ৰমোদ বড়োক সাক্ষাৎ কোচ-ৰাজবংশী সাহিত্য সভাৰ সঁজাতি দলৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, ৰুহুল আমিন সেখ , তামাৰহাট ,৩০ আগষ্ট : বি টি আৰৰ কোচ-ৰাজবংশী অধ্যুসিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয় সমুহত ‘ক’ শ্ৰেনীৰ পৰা পঞ্চম শ্ৰেনীলৈকে অধ্যায়নৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী সকলক ৰাজবংশী ভাষাত পাঠ দান কৰাৰ লগতে জনগোষ্ঠীটোৰ বিশেষ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ দাবীত কোচ-ৰাজবংশী সাহিত্য সভাৰ এটা সঁজাতি দলে কালি বি টি আৰ প্ৰধান প্ৰমোদ বড়োক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে । কোচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড° দ্বিজেন্দ্ৰ নাথ ভকত আৰু সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মণে চহী কৰা স্মাৰক পত্ৰ খনত উল্লেখ কৰা মতে প্ৰথমতে,কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতি-২০২০ অনুসৰি আগন্তুক ২০২১–২০২২ শিক্ষা বৰ্ষত বি টি আৰৰ প্ৰাথমিক বিদ্যালয় সমুহত অধ্যায়নৰত ‘ক’ শ্ৰেনীৰ পৰা পঞ্চম শ্ৰেণীৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী সকলক জনগোষ্ঠীটোৰ মাতৃভাষা ৰাজবংশী ভাষাত পাঠ দান কৰাৰ বাবে দাবী জনায় । দ্বিতীয়তে বি টি আৰৰ খণ্ড আৰু আৱেষ্টনী সমুহত খিলঞ্জীয়া অন্যান্য জনগোষ্ঠী সকলক সংৰক্ষিত জনগোষ্ঠী হিচাপে স্বীকৃতি দি ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ নিচিনাকৈ কোচ-ৰাজবংশী জনগোষ্ঠীটোকো উক্ত স্থান সমুহত সংৰক্ষিত জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ দাবী জনায় । তৃতীয়তে বি টি আৰ এলেকাৰ ৰাভা সাহিত্য সভা আৰু শান্তালি সাহিত্য সভাৰ নিচিনাকৈ কোচ-ৰাজবংশী সাহিত্য সভাৰ কেন্দ্ৰীয় তথা জিলা কমিটিৰ কাৰ্য্যালয় নিৰ্মাণ,বাৰ্ষিক ব্যয়,গ্ৰন্থ প্ৰকাশন আদিৰ বাবে ভূমি আবন্টন আৰু প্ৰয়োজনীয় পূঁজি মঞ্জুৰী দিয়াৰ বাবেও দাবী জনায় । চতুৰ্থতে কোচ-ৰাজবংশী অধ্যুসিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয় সমুহত কমেও এক হাজাৰ ৰাজবংশী ভাষাৰ শিক্ষক নিযুক্তি দি মাননীৰ বাবে প্ৰয়োজনীয় পূঁজি মঞ্জুৰী দিয়াৰ লগতে উক্ত শিক্ষক সকলৰ প্ৰশিক্ষনৰ ব্যাৱস্থা কৰাৰো দাবী জনায় । পঞ্চমতে প্ৰাথমিক পৰ্য্যায়ত ৰাজবংশী ভাষাত পাঠ্য পুথি প্ৰনয়ন আৰু প্ৰকাশন,কোচ- ৰাজবংশী জনগোষ্ঠীৰ পূৰ্ণাংগ ইতিহাস,অভিধান,ব্যাকৰণ,সাংস্কৃতিক কোষ আদি প্ৰনয়ন আৰু প্ৰকাশন কৰাৰ বাবে প্ৰয়োজনীয় ধন মঞ্জূৰীৰ বাবে দাবী জনায় । ষষ্ঠতে সাংস্কৃতিক সঞ্চালকালয়ৰ অধিনস্থ সাংস্কৃতিক কেন্দ্ৰ সমুহত কোচ-ৰাজবংশী জনগোষ্ঠীৰ নৃত্য-গীত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে কোচ-ৰাজবংশী সাহিত্যিক আৰু শিল্পী সকলক পেন্সন প্ৰদানৰ ব্যাৱস্থা কৰাৰ দাবী জনায় । ইয়াৰ উপৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ত ৰাজবংশী ভাষাৰ চাৰ্টিফিকেট কোৰ্চ খোলাৰো দাবী জনায় একে খন স্মাৰক পত্ৰ যোগে । উল্লেখ্য যে , কোচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড° দ্বিজেন্দ্ৰ নাথ ভকত আৰু সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মণে নেতৃত্ব দিয়া সঁজাতি দলটোত কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ চৈধ্য গৰাকী কৰ্ম-কৰ্তাৰ লগতে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা খিলঞ্জীয়া জনজাতি সাহিত্য সভা মঞ্চৰ সম্পাদক প্ৰধান কমলা কান্ত মুছাহাৰীও অংশ গ্ৰহণ কৰে । মনকৰিবলগীয়া যে,উক্ত স্মাৰক পত্ৰ খনত উল্লেখ কৰা সমস্যা তথা দাবী সমুহ পূৰণ কৰাৰ বাবে প্ৰয়োজনীয় ডাটা সমুহ যোগান ধৰাৰ বাবে সঁজাতি দলটোক আহ্বান কৰাৰ লগতে দাবী সমুহ পৰ্য্যায়ক্ৰমে পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে বি টি আৰ প্ৰধান গৰাকীয়ে।