খনামূখত কন্যকা বিপনীৰ শুভাৰম্ভ কৰে কন্যকাৰ সভাপতি মতি কুমাৰ নেৱাৰে

64

খনামূখত কন্যকা বিপনীৰ শুভাৰম্ভ কৰে কন্যকাৰ সভাপতি মতি কুমাৰ নেৱাৰে

দুৰ্নীতিৰ দৰ্পণ সেৱা, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২৫ ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ খনামূখ ব্যৱসায় কেন্দ্ৰত আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যকা বহুমূখী পামৰ উদ্যোগত যি সুস্বাদু দৈ , ক্ৰিম , পনিৰ, মিঠাই, বাটাৰ, ঘিউ, পেড়াৰ লগতে বিভিন্ন সামগ্ৰী বিশুদ্ধতাৰে প্ৰস্তুত কৰা হয় । সেই সুস্বাদু খাদ্য-সামগ্ৰীসমুহৰ লগতে কন্যকা খাটি সৰিয়হ তেলৰ বটলৰ বৰ্তমান চতিয়া সমষ্টিৰ লগতে বিভিন্ন প্ৰান্তত কন্যকা বিপনিসমুহ মুকলি কৰে । সেই উদ্দেশ্যে আজি বালিপৰাৰ খনামূখ ব্যৱসায় কেন্দ্ৰৰ মাজমজীয়াত কন্যকা বিপনীৰ ৰঙা ফিটা কাটি শুভ উন্মোচন কৰে কন্যকাৰ সভাপতি মতি কুমাৰ নেৱাৰে । উক্ত বিপনিখনি শুভ উন্মোচন কৰি সভাপতি মতি কুমাৰ নেৱাৰে কয় যে কন্যকাৰ এই বিশেষ বিপনিখনৰ জৰিয়তে এই অঞ্চলৰ লোকসকলে বিশুদ্ধ দৈ, ক্ৰিম, মিঠাই, ঘিউ, বাটাৰৰ লগতে বিভিন্ন মিঠাইসমুহ ক্ৰয় কৰিব পাৰিব । উক্ত কন্যকা বিপনিখন খনামূখ অঞ্চলৰ নিবনুৱা যুৱক অনন্ত ছেত্ৰীৰ । উক্ত শুভ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী কমিচন মিলি, সক্ৰীয় সদস্য বিষ্ণু দাহালৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি ।