গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ ঐক্য সংঘ আৰু গ্ল’বেল হিউমেন ৰাইটচৰ উদ্যোগত ৩০০ কৈ ব্যক্তিক ক’ভিড ভেকচিন আৰু মাল্টি ভিটামিন প্ৰদান

338

গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ ঐক্য সংঘ আৰু গ্ল’বেল হিউমেন ৰাইটচৰ উদ্যোগত ৩০০ কৈ ব্যক্তিক ক’ভিড ভেকচিন আৰু মাল্টি ভিটামিন প্ৰদান

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ ,অমৃত কুমাৰ শৰ্মা ,৭ ছেপ্তেম্বৰঃ গুৱাহাটী মহানগৰীৰ বেলতলা হাইস্কুলত ৬ ছেপ্তেম্বৰ, সোমবাৰে অন্যতম সামাজিক অনুষ্ঠান প্ৰাগজ্যোতিষপুৰ ঐক্য সংঘ আৰু গ্ল’বেল হিউমেন ৰাইটচ ফাউণ্ডেশ্যনৰ উদ্যোগত এক বিনামূলীয়া ক’ভিড ভেকচিন প্ৰদান শিৱিৰৰ আয়োজন কৰা হয় ৷ উক্ত শিৱিৰত ভেকচিনৰ দুয়োটা পালিৰ যোগান ধৰাৰ লগতে মাল্টি ভিটামিনো বিতৰণ কৰা হয় । শিৱিৰত ৩০০ গৰাকী লোকক ক’ভিচিল্ড ভেকচিন প্ৰদান কৰাৰ লগতে ৩০০ মাল্টি ভিটামিন বিতৰণ কৰা হয় । শিৱিৰটি পৰ্য্যবেক্ষণ কৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডাঃ কুমকুম বৰাই ৷ উক্ত অনুষ্ঠানত প্ৰাগজ্যোতিষপুৰ ঐক্য সংঘৰ সভানেত্ৰী লীমা মহন্ত,সাধাৰণ সম্পাদিকা সীমা শৰ্মা আৰু সহ সাধাৰণ সম্পাদক আকাশ কাশ্যপৰ লগতে কামৰূপ জিলাৰ সভাপতি দেনিয়েল শাস্ত্ৰী,মহিলা শাখাৰ উপ-সভানেত্ৰী ৰাজবংশীকে ধৰি কেইবাগৰাকীও সংঘৰ সদস্য উপস্থিত থাকে ৷