গোলাঘাটৰ বিভিন্ন অঞ্চলত দল্লীলৈ বুলি ৰাওনা হোৱা CRPF ৰ চাইকেল

104

গোলাঘাটৰ বিভিন্ন অঞ্চলত দল্লীলৈ বুলি ৰাওনা হোৱা CRPF ৰ চাইকেল

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , ৩১ আগষ্ট : মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে দিল্লীত ৰাজঘাটত আয়োজিত
স্বাধীনতাৰ ৭৫ সংখ্যক অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা CRPF বাহিনীৰ চাইকেল ৰেলী আজি যোৰহাট ৰৰৈয়াস্থিত বাহিনীৰ পৰা আহি প্ৰৱেশ কৰে গোলাঘাট জিলাত ৷ গোলাঘাটত প্ৰৱেশ কৰিয়েই প্ৰথমে গোলাঘাটৰ কপহুৱাটিং উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ প্ৰধান শিক্ষককে প্ৰমুখ্য কৰি সমূহ শিক্ষক-শিক্ষয়িত্ৰীয়ে বিপুল আদৰণি জনায় ৷ অৰ্ধবাহিনীৰ কেইবাগৰাকীও শীৰ্ষ সেনা অধিনায়কে নেতৃত্ব লোৱা এই চাইকেল ৰেলীত পোন্ধৰজন সেনাই অংশ গ্ৰহণ কৰাৰ বিপৰীতে বহু সৈনিকে খাদ্য,পানী,বিশ্ৰাম আদিৰ দিশত সহযোগিতা ৰাখিছে বুলি জানিব পৰা যায় ৷ উল্লেখ্য যে , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই কাৰ্যসূচীক সন্মান প্ৰদৰ্শন কৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যাত্ৰা আৰম্ভ কৰা এই চাইকেল ৰেলী মহাত্মা গান্ধীৰ জন্ম জয়ন্তী অৰ্থাৎ ২ অক্টোবৰত গান্ধীজীৰ সমাধিস্থল অৰ্থাৎ দিল্লীৰ ৰাজঘাটত উপস্থিত হ’ব ৷ এই যাত্ৰাকালত হিন্দু-পাক যুদ্ধত বিৰগতি লাভ কৰা প্ৰতিজন সেনা-জোৱানক শ্ৰদ্ধাঞ্জলী অৰ্পন কৰে ৷ কপহুৱাটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই নৱপ্ৰজন্মক উৎসাহিত কৰিব পৰা প্ৰধানমন্ত্ৰী গৰাকীৰ এই চেষ্টাক সন্মান জনোৱাৰ লগতে আজিৰ দিনটোত সেনা-বাহিনীৰ দলটোক আদৰ-সাদৰ কৰি শুশ্ৰষা কৰিবলৈ পাই আনন্দিত হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে , উক্ত ৰেলীয়ে ফৰকাটিং আহি উপস্থিত হোৱাত ফৰকাটিং অঞ্চলৰ ৰাইজেও আদৰণি সম্ভাষণ জনোৱাৰ লগতে ফৰকাটিং অঞ্চলৰ ব্যৱসায়ী আৰু সচেতন মহলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ পিছতে উক্ত অৰ্ধসামৰিক বাহিনীৰ চাইকেল ৰেলী গোলাঘাটৰ ফৰকাটিং চাৰিআলি হৈ দলৌজান তিনিআলিত উপস্থিত হোৱাত চাইকেল ৰেলীৰ নিৰাপত্তাৰক্ষীৰ বিষয়াসকলক জামুগুৰি পঞ্চায়তৰ কৰ্মকৰ্তা,আটছা,দলৌজান ব্যৱসায়ী সংস্থাৰ লগতে স্থানীয় অঞ্চলৰ দল-সংগঠনে আদৰণি জনায় । এই উপলক্ষে কুঁৱৰী গাঁও প্ৰাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ বিষয়া সকলক ফুলাম গামোচা,ফুলাম জাপি আদিৰে আদৰণি জনাই।চি আৰ পি এফ বাহিনীৰ বিষয়া সকলে ৰাইজৰ লগত মত বিনিময় কৰে । অনুষ্টুপীয়া অনুষ্ঠানটোত স্থানীয় শিল্পী সকলে বিহু নৃত্য,ঝুমইৰ নৃত্যও প্ৰদৰ্শন কৰে বুলিও ৰাইজে মত প্ৰকাশ কৰে ৷