গোলাঘাট নুমলীগড়ত অভাৱনীয় নাৰী নিৰ্জাতন কাৰ্য্য

137
গোলাঘাট নুমলীগড়ত অভাৱনীয় নাৰী নিৰ্জাতন কাৰ্য্য
দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২০ আগষ্ট : বৰ্তমান ৰাজ্যখনত নাৰীসকলৰ সুৰক্ষাৰ বাবে বেটি পঢ়াও বেটি বছাৱ শীৰ্ষক শ্লৌগানেৰে মূখৰিত কৰিছে , যিমানেই নতুন নতুন আইন প্ৰণয়ন হৈছে নিৰ্জাতনৰ ঘটনাও সেইমতে বৃদ্ধিহে হ’ব ধৰিছে ৷ বৃদ্ধি হ’ব ধৰিছে অসম ৰাজ্যৰ নাৰীৰ ওপৰত তালিবানী ধৰণৰ অত্যাচাৰ ৷ গোলাঘাট নুমলীগড়ৰ তেল শোধানাগাৰত সংঘটিত হোৱা নাৰী নিৰ্জাতনৰ ঘটনাটোও ইয়াৰে যেন উদাহৰণ ৷ প্ৰাপ্ত অভিযোগ মতে , নুমলীগড় তেল শোধানাগাৰত যোৱা জুলাই মাহতে এগৰাকী কৰ্মৰত কনিষ্ঠ অভিযন্তা যুৱতীক ধৰ্ষণ কৰে শোধানাগাৰৰ  ইন্ষ্টুমেন্টেচন বিভাগৰ এজন উপ মহাপ্ৰৱন্ধকে ৷ বৰ্তমান গোলাঘাট জিলা আৰক্ষীৰ জিম্মাত থকা উপমহাপ্ৰৱন্ধক জনৰ নাম অৰ্থাৎ ডি জি এম গৰাকীৰ নাম নিহা প্ৰসাদ শৰ্মা ৷ শোধানাগাৰত কৰ্মৰত কণিষ্ঠা অভিযন্তি গৰাকীয়ে কালি ডেপুটি মেনেজাৰৰ বিৰুদ্ধে জৌন নিৰ্জাতনৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰাৰ পিছত উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কালি নিশা আটক কৰিলে নিশা প্ৰসাদ শৰ্মাক বুলি জানিব পৰা যায় ৷ প্ৰাপ্ত খবৰ অনুসৰি , বিগত ১৯ জুলাইত নুমলীগড় শোধানাগাৰৰ ডেপুটি মেনেজাৰ প্ৰসাদ শৰ্মাই কণিষ্ঠ যুৱতী গৰাকীক নিজ গৃহলৈ নি সুৰাৰ পাৰ্টি কৰি যৌন নিৰ্জাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিগত ৪ আগষ্টতে সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল যদিও তেল শোধানাগাৰৰ ভিতৰ আৰু বাহিৰৰ একাংশ সুবিধাবাদী চক্ৰই অভিযোক্ত গৰাকীক ধনৰ বিনিময়ত ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰি আহিছিল বুলিও একাংশই মত পোষণ কৰে ৷ ইয়াৰ বিপৰিতে একাংশ দল সংগঠন প্ৰতিবাদমুখৰ হৈ পৰাৰ পাচত কালি ভুক্তভূগী যুৱতী গৰাকীয়ে এজাহাৰ দাখিল কৰে  ৷ ফলস্বৰুপে এজাহাৰখনৰ ভিত্তিতেই গোলাঘাট সদৰ আৰক্ষীয়ে গুৱাহাটী ৰিহাবাৰী নিজা গৃহৰ পৰাই  নিশা অভিযুক্ত  নিহা প্ৰসাদ শৰ্মাক আটক কৰি আজি গোলাঘাটলৈ আনি গ্ৰেপ্তাৰ কৰে ৷ আনহাতে , কেতবোৰ অপ শক্তিয়ে বুজন পৰিমানৰ ধনৰ বিনিময়ত ঘটনাটো গাপ দিবলৈকৈ চেষ্টা কৰা বুলিও একাংশই অভিযোগ উত্থাপন কৰাৰ লগতে সচেতন মহলক স্তম্ভিত কৰি তুলিছে বুলিও জানিব পৰা গৈছে ৷ আনহাতে , ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনাৰ পাচতে নুমলীগড় তেল শোধানাগাৰ আভ্যন্তৰিণ এক মহিলা সংগঠনত অভিযোগত দাখিল কৰিছিল যদিও সংগঠনটোৱে ইমান দিনে ৰহস্য জনক ভাৱে নিৰৱতা অৱলম্বন কৰা বিষয়টোও এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷