গোসাঁইগাঁৱত কংগ্ৰেছৰ কৰ্মী সভাত এপিচিচি সভাপতি ভূপেন বৰা উপ নিৰ্বাচনত কংগ্ৰেছ অকলে নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবঃ এপিচিচি সভাপতি ভূপেন বৰা

111

গোসাঁইগাঁৱত কংগ্ৰেছৰ কৰ্মী সভাত এপিচিচি সভাপতি ভূপেন বৰা
উপ নিৰ্বাচনত কংগ্ৰেছ অকলে নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবঃ এপিচিচি সভাপতি ভূপেন বৰা

দুৰ্নীতিৰ দৰ্পণ সেৱা, মিজানুৰ ৰহমান, গোসাঁইগাঁও, ২৯ আগষ্টঃ আগন্তুক উপ নিৰ্বাচনক লক্ষ্য ৰাখি কংগ্ৰেছ দলে এতিয়াৰে পৰা দলৰ ভেটি মজবুত কৰাৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হবলগা সমষ্টিত দলীয় কৰ্মী সমৰ্থকলৈ কৰ্মী সভা অনুষ্ঠিত কৰি কৰ্মী সমৰ্থক সকলৰ মনোবল বৃদ্ধিৰ চেষ্টা অব্যাহত ৰাখিছে। অসম প্ৰদেশ কংগ্ৰেছ দলৰ নৱনিয়ুক্ত সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ কেইবাজনো বিধায়কৰ উপস্থিতিত গোসাইগাঁও মহকুমাৰ তেলিপাৰাস্হিত কৃষি গৱেষণা কেন্দ্ৰৰ সভা কক্ষত ২৮ গোসাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী তথা কংগ্ৰেছৰ সমৰ্থক সকলৰ উপস্থিতিত কৰ্মী সভা অনুষ্ঠিত হয়। যোৱা বিধান সভা নিৰ্বাচনত ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিটোৰ পৰা মহাজোঁটৰ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰীয়ে জয়লাভ কৰিছিল। কিন্তু কৰোনাত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হোৱাত সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হব।সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী তথা সমৰ্থক সকলে উপনিৰ্বাচনত এইবেলি কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবী জনায়। আগন্তুক উপ নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰতিটো সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।কিন্ত পৰৱৰ্তী সময়ত বিজেপি দলক প্ৰতিহত কৰিবলৈ বিজেপি বিৰোধী সকলো দলৰ লগত মিত্ৰতাৰ পোষকতা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। মিত্ৰতাৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰ্তৃত্ব কংগ্ৰেছ হাইকামাণ্ডৰ যদিও কিন্তু উপনিৰ্বাচনত দলীয় কৰ্মী সমৰ্থকসকলৰ আহ্বান মৰ্মে এইবেলি কংগ্ৰেছ দলে উপ নিৰ্বাচনত নিজাবৱীয়াকৈ অৱতীৰ্ণ হ’ব বুলি বৰাই কয়। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যিক সভাপতি বৰাই আগন্তুক উপ নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কে কয় যে এইবাৰ আমাৰ ৰণকৌশল হৈছে আমি ৰাইজৰ আগত এইবাৰ বিচাৰপ্ৰাৰ্থী হ’ম। কাৰণ বিগত পাঁচ বছৰে বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেয়া পুৰণ নকৰিলে। ছয় নং দফা কাৰ্যকৰী নকৰা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰা, নদী বান্ধ ভঙ্গ নকৰা, বাংলাদেশক মাটি নিদিয়া, দুই কোটি চাকৰি প্ৰদান কৰা আদিকে ধৰি যিসমূহ প্ৰতিশ্ৰুতি দিছিল, সেয়া কাৰ্যকৰী নকৰাত এইবাৰ কংগ্ৰেছ দলে ৰাইজৰ ওচৰত ইয়াৰ বিচাৰপ্ৰাৰ্থী হ’ব। আজিৰ কৰ্মী সভাত উপস্থিত থাকি সাংবাদিকৰে হোৱা এক স্বাক্ষাৎকাৰত সাংসদ গৌৰৱ গগৈয়ে কয় যে বিজেপি দলে সকলো আঞ্চলিক দলবোৰক পৰ্যায় ক্ৰমে গ্ৰাস কৰি পেলাইছে। আগন্তুক দিনত বিপিএফ আৰু ইউপিপিএল দলৰো একে অৱস্থা হ’ব যিটো বৰ্তমান এজিপি দলৰ হৈছে। গতিকে আগন্তুক উপ নিৰ্বাচনত কংগ্ৰেছ দলে অকলে নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয়নো কংগ্ৰেছ দলৰ সংগঠন এতিয়া গাৱেঁ ভূঞে সকলোতে বিদ্যমান আছে। এই মন্তব্য গৌৰৱ গগৈৰ। সভাত অভেয়াপুৰীৰ বিধায়ক প্ৰদীপ সৰকাৰ, গোলগঞ্জৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ আদিকে ধৰি কেইবাগৰাকী নেতৃবৃন্দ উপস্থিত থাকে।