গোৰ্খাক নাগৰিকত্ব , বাঙালীক ললীপপ দেখুৱা চৰকাৰক ধন্যবাদ ফেডাৰেচনৰ

107

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ৫ আগষ্টঃ সম্প্ৰতি অসম চৰকাৰে কেবিনেট সিদ্ধান্ত মৰ্মে গোৰ্খা সকলৰ পৰা ‘ডি’ ভোটাৰৰ অপবাদ আতৰাই দিয়া বাবে এক প্ৰেছ বিবৃত্তিযোগে অসম চৰকাৰক আন্তৰিক ভাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমত বসবাসকাৰী গোৰ্খা সকলৰ সংগ্ৰামী সত্বাক অভিনন্দন জ্ঞাপন কৰিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে । আজি ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি মহানন্দ সৰকাৰ দত্তই কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে অসম চৰকাৰক দত্তই কয় যে , প্ৰকৃত ভাৰতীয় হিন্দু বাঙালী সকলৰ ওপৰত ‘ডি’ ভোটাৰৰ নামত কৰা নিৰ্যাতন কেতিয়া বন্ধ হ’ব বুলি এক গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে । তদুৰি বিবৃতিটোত দত্তই আৰু কয় যে , নৰেন্দ্ৰ মোদী , অমিত শ্বাহ , হিমন্ত বিশ্ব শৰ্মা , সৰ্বানন্দ সোনোৱালৰ ওপৰত অগাধ বিশ্বাস থকা বাবেই ‘কা’ৰ নামত , চিলাপাথাৰ কাণ্ডৰ নামত , নগাঁও কাণ্ডৰ নামত একাংশ অপশক্তিয়ে অসমৰ হিন্দু বাঙালী সকলক কাঠগড়াত থিয় কৰোৱাত ব্যস্ত হৈ থকাৰ পিছতো অসমৰ বাঙালী সমাজ শান্ত হৈ আছিল । কিন্তু পৰিতাপৰ বিষয় যে , বাঙালী সকলৰ সমস্যাৰ এতিয়ালৈকে কোনো সমাধান নহ’ল । সম্প্ৰতি সংসদত বিল পাছ কৰি বিগত ২০০৪ চনত পাঞ্জাৱী শৰনাৰ্থীসকলক নাগৰিকত্ব দিয়া হ’ল । অথচ ‘কা’ ৰূপায়ন হ’লে হিন্দু বাঙালীসকলৰ লগতে অন্যান্য সম্প্ৰদায়ৰ ব্যক্তিয়ে নাগৰিকত্ব পাব বুলি কেন্দ্ৰীয় নেতৃত্বৰ কথা বিশ্বাস কৰি বাঙালী সংগঠন সমূহে ‘কা’ সমৰ্থন জনাই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল । চৰকাৰে ‘কা’ বিৰোধী সকলক বিশ্বাসত ললে যদিও বাঙালীক বলিৰ পঠা সজালে বুলি ফেডাৰেচনৰ সভাপতি মহানন্দ সৰকাৰ দত্তই বিবৃতিটোৰ জৰিয়তে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । দত্তই আক্ষেপেৰে আৰু কয় যে , সময়ৰ তাগিদাত ‘কা’ আজি ললীপপ হৈ পৰিল বুলি কয় । ইপিনে , দত্তই লাফিকুল সন্দৰ্ভত কয় যে , লাফিকুল হত্যাৰ চিবিআই ৰিপোৰ্ট ওলোৱাত আমি ভাল পাইছো । কিন্তু চিলাপাথাৰ কাণ্ডৰ চিবিআই তদন্ত নহ’ল । আনহাতে , কেৱলমাত্ৰ অসমত বসবাসকাৰী হিন্দু বাঙালীসকলৰ সমস্যা সমাধানৰ গভীৰ আস্থা আগত ৰাখি বিধান সভা নিৰ্বাচনত ফেডাৰেচনে গাঠিৰ ধন ভাঙি মিত্ৰজোঁটৰ সমৰ্থনত মুকলিকৈ কাম কৰাৰ পিছতো যদি চৰকাৰে হিন্দু বাঙালী সকলৰ সমস্যা সমাধান নকৰে , তেতিয়া হ’লে আমি কবলৈ বাধ্য হম যে , অসমত হিন্দু বাঙালী সকলক নিশেষ কৰি পেলোৱাৰ ষড়যন্ত্ৰ চলিছে । সেয়ে অহা শীতকালীন অধিৱেশনৰ ভিতৰত চৰকাৰে হিন্দু বাঙালী সকলৰ সমস্যা সমাধানৰ বাবে এক বিশেষ পদক্ষেপ লবলৈ বিবৃতিটোৰ জৰিয়তে মহানন্দ সৰকাৰ দত্তই দাবী জনাইছে ।