গো-সুৰক্ষা আইনৰ জৰিয়তে প্ৰকৃততে গো-পালক সকলৰ উপকাৰ কিমান হব ? ২৮ বছৰ ধৰি তলা ওলমি আছে ঢেকীয়াজুলিৰ দুগ্ধ শীতলীকৰণ প্ৰকল্পত

303

গো-সুৰক্ষা আইনৰ জৰিয়তে প্ৰকৃততে গো-পালক সকলৰ উপকাৰ কিমান হব ? ২৮ বছৰ ধৰি তলা ওলমি আছে ঢেকীয়াজুলিৰ দুগ্ধ শীতলীকৰণ প্ৰকল্পত

দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰীৰ পৰা আজিজুৰ ৰহমান , ৯ আগষ্ট : মৃতপ্ৰায় পশুপালন দপ্তৰৰ অধীনৰ দুগ্ধ উন্নয়ন বিভাগ । মাথো চকীদাৰে পহৰা দি ৰাখিছে সা-সম্পত্তি । ২৮ বছৰে পৰিত্যক্ত ঢেকীয়াজুলি দুগ্ধ শীতলীকৰণ প্ৰকল্প : তৰুণ গগৈ চৰকাৰে নতুনকৈ স্থাপন কৰা যন্ত্ৰপাতিও কাম আৰম্ভ নকৰাকৈয়ে নষ্ট হোৱাৰ পথত : জহি -খহি গ’ল বিষয়া-কৰ্মচাৰীৰ আবাসগৃহ যি সময়ত চৰকাৰৰ গো-সুৰক্ষা আইন প্ৰণয়নৰ চেষ্টা চলাইছে , সেই সময়ত আমূলকে ধৰি বহি:ৰাজ্যৰ বিভিন্ন দুগ্ধ কোম্পানীয়ে অসমত গাখীৰৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে । এই দুগ্ধ কোম্পানীসমূহৰ গাখীৰ ক্ৰয়ৰ জৰিয়তে অসমৰ পৰা বহি:ৰাজ্যলৈ বছৰে শ শ কোটি টকা ওলাই যায় । কিন্ত বছৰ বছৰ ধৰি তলা ওলমাই ৰাখিছে অসমৰ দুগ্ধ শীতলীকৰণ প্ৰকল্প সমূহত । অসমৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ হ’লে কণী, মাছ, মাংস, মিঠাতেলৰ দৰে গাখীৰৰ চাহিদা পূৰাবলৈকো অসম আত্মনিৰ্ভৰশীল হোৱাটো সময়ৰ আহ্বানৰূপে লৈ সাম্প্ৰতিক কোৰোণা মহামাৰীজনিত পৰিস্থিতিত বহি:ৰাজ্যৰ পৰা উভতি অহা শ্ৰমিক যুৱক-যুৱতী সকলৰ একাংশক স্বনিয়োজনৰ বাবে গাই পালন তথা দুগ্ধ পাম খোলাৰ প্ৰতিও আগ্ৰহী কৰি তোলা উচিত হ’ব । দুগ্ধপামৰ গৰাকী তথা গাই পালক সকলে সহজে ঢুকি পোৱাকৈ পশু চিকিৎসাসেৱা আৰু গাখীৰৰ উপযুক্ত বজাৰৰ ব্যৱস্থা চৰকাৰে কৰি দিয়াৰ ওপৰতহে এনে উদ্যমৰ সফলতা নিৰ্ভৰ কৰিব । উল্লেখযোগ্য যে ,সত্তৰৰ দশকতে শৰৎ চন্দ্ৰ সিংহ চৰকাৰৰ উদ্যমতে অসমৰ গ্ৰামীণ অৰ্থনীতিৰ বিকাশৰ বাবে পশু চিকিৎসাসেৱাৰ সম্প্ৰসাৰণৰ লগতে দুগ্ধ বিপ্লৱৰ সূচনা কৰাৰ অৰ্থে পশুপালন দপ্তৰৰ অধীনৰ দুগ্ধ উন্নয়ন বিভাগৰ জৰিয়তে যিসমূহ আন্ত:গাঠনি গঢ়ি তোলা হৈছিল,যোৱা তিনিটা দশকত সেই সকলোবোৰ জহি-খহি নিশ্চিহ্ন হৈ গৈছে। তেনে আন্ত:গাঠনিৰ অধিক প্ৰসাৰ কৰা দূৰৈৰ কথা,থকাখিনিকে চৰম অৱহেলাৰে যোৱা তিনিটা দশকৰ চৰকাৰকেইখনে নিশ্চিহ্ন হৈ যাবলৈ দিলে। শৰৎ চন্দ্ৰ সিংহ চৰকাৰৰ কাৰ্যকালত গঢ়ি উঠা এনে এক উল্লেখনীয় আন্ত:গাঠনি হ’ল অসমৰ বিভিন্ন ঠাইত দুগ্ধ উন্নয়ন বিভাগৰ অধীনত স্থাপন কৰা দুগ্ধ শীতলীকৰণ প্ৰকল্প সমূহ। নিতৌ দুগ্ধপাম তথা গাই পালকসকলৰ পৰা গাখীৰ সংগ্ৰহ কৰি আনি শীতলীকৰণ যন্ত্ৰৰে শীতল কৰাৰ পিছত সেই গাখীৰ চহৰবাসী আৰু আন গ্ৰাহকক বিক্ৰী কৰিছিল দুগ্ধ উন্নয়ন বিভাগে । তদুপৰি দৈ,ক্ৰিম আৰু ঘি প্ৰস্তুত কৰাও হৈছিল দুগ্ধ উন্নয়ন বিভাগৰ এই প্ৰকল্পসমূহত । প্ৰতিটো প্ৰকল্পতে নিযুক্ত হৈছিল একোজন স্নাতক অভিযন্তা আৰু আন কেইগৰাকীমান কৰ্মচাৰী । জিলাই জিলাই হৈছিল দুগ্ধ উন্নয়ন বিভাগৰ উপ-সঞ্চালকৰ কাৰ্যালয় আৰু ৰাজধানীত মুখ্য কাৰ্যালয় অৰ্থাৎ সঞ্চালকৰ কাৰ্যালয় । উল্লেখযোগ্য যে, নব্বৈ দশকৰ আৰম্ভণিৰে পৰা অৰ্থাৎ হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন শেহৰখন চৰকাৰৰ কাৰ্যকালৰ পৰা ৰাজ্যখনৰ এই দুগ্ধ শীতলীকৰণ প্ৰকল্পসমূহ এটাৰ পাছত এটাকৈ বন্ধ কৰি দিয়া হয় । বিষয়া-কৰ্মচাৰী সকলক কেইবছৰমান বহুৱাই ৰাখি দৰমহা ভোগ কৰি থাকিব দিয়াৰ পাছত আন আন বিভাগলৈ ডেপুটেচনত নিয়া হয় । কাম অবিহনেই একাংশ উপ-সঞ্চালক আৰু সঞ্চালকে অৱসৰৰ দিনটোলৈ ক্ষণ গণি বিভাগটো জীয়াই ৰাখিছে যদিও বাস্তৱত আজিৰ তাৰিখত দুগ্ধ উন্নয়ন বিভাগৰ একপ্ৰকাৰ মৃতপ্ৰায় অৱস্থা । নিয়মীয়া পদ অথবা মাষ্টাৰৰোলত নিয়োজিত একাংশ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী(চকীদাৰ)য়ে দুগ্ধ শীতলীকৰণ প্ৰকল্পসমূহকে ধৰি বিভাগটোৰ কাৰ্যালয়সমূহৰ সা-সামগ্ৰী আৰু সম্পত্তিসমূহ পহৰা দি থকাৰ বাদে দুগ্ধ উন্নয়ন বিভাগৰ বৰ্তমান আন কোনোধৰণৰ কাৰ্য দৰাচলতে নাই । উদাহৰণস্বৰূপে এই প্ৰতিবেদনত উল্লেখ কৰিব খোজা হৈছে ২৬ বছৰে পৰিত্যক্ত হৈ থকা ঢেকীয়াজুলি দুগ্ধ শীতলীকৰণ প্ৰকল্পৰ কথা । ১৯৭৫ চনত ঢেকীয়াজুলি আৰু বৰছলা সমষ্টিৰ সীমাত অৱস্থিত পলাশবস্তি গাঁৱত (ভোটপাৰা)ত ৰাষ্ট্ৰীয় পথৰ কাষৰে প্ৰায় ত্ৰিশ বিঘা মাটিৰ এক চৌহদত স্থাপন কৰা এই দুগ্ধ শীতলীকৰণ প্ৰকল্পটোৰ কাম-কাজ অৰ্থাৎ গাখীৰ ক্ৰয় আৰু বিক্ৰয় কাৰ্য অজ্ঞাত কাৰণত ১৯৯৪ চনত বন্ধ কৰি দিয়া হয় । ইয়াৰ লগে লগে উপযুক্ত বজাৰৰ অভাৱত বৰছলা আৰু ঢেকীয়াজুলি সমষ্টিৰ ব্যক্তিগত দুগ্ধ পামসমূহো বন্ধ হৈ পৰে । আনকি , ব্যৱসায়ীক ভিত্তিত নিজৰ ঘৰতে জাৰ্চি গাই পালন কৰিবলৈকো বাদ দিব লগা হয় গাই পালকসকলে । এই প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীসকলক বদলি কৰি অথবা ডেপুটেচনত আন বিভাগলৈ লৈ যোৱাৰ পিছত চৌহদটোৰ ভিতৰত থকা তেওঁলোকৰ চৰকাৰী আবাসগৃহ সমূহ জহি-খহি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে । দীঘলীয়া কাল ধৰি পৰিত্যক্ত হৈ থাকি শীতলীকৰণৰ যন্ত্ৰ-পাতিসমূহত মামৰে ধৰাত আৰু যন্ত্ৰ-পাতি স্থাপিত মূলগৃহটোৰ মজিয়া আৰু বেৰ খহিবলৈ আৰু দুৱাৰ-খিৰিকি ভাঙিবলৈ ধৰাত ২০১২-১৩ চনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ঠিকাদাৰৰ জৰিয়তে বহুলাখ টকা ব্যয়ৰে এই শীতলীকৰণ গৃহটোৰ মেৰামতি কৰাৰ উপৰি নতুনকৈ কোটি টকীয়া যন্ত্ৰ পাতি ক্ৰয় কৰি স্থাপন কৰে । তদুপৰি চৌহদৰ চাৰি সীমাৰ ভিতৰৰ তিনিটা সীমাত নতুনকৈ পকী বেৰ পৰ্যন্ত নিৰ্মাণ কৰিছিল । এনেদৰে এছিয়ান ডেভেলপমেন্ট বেংকৰ পৰা ঋণত লোৱা ধনেৰে ঢেকীয়াজুলি দুগ্ধ শীতলীকৰণ প্ৰকল্পটো পুনৰ কাৰ্যক্ষম কৰাৰ নামত কেইবা কোটি টকাৰ শৰাধহে কৰা হ’ল।কিয়নো , কাৰ্যত: এই দুগ্ধ শীতলীকৰণ প্ৰকল্পটোৰ জৰিয়তে গাখীৰৰ ক্ৰয়-বিক্ৰয় আজিপৰ্যন্ত পুনৰ আৰম্ভ কৰা নহ’ল । নতুনকৈ ক্ৰয় কৰা যন্ত্ৰ পাতি সমূহো যোৱা আঠ বছৰে পৰিত্যক্ত হৈ আছে । এই যন্ত্ৰ পাতি সমূহো এতিয়া অকামিলা হৈ পৰিছে যেন ধাৰণা কৰা হৈছে । উল্লেখযোগ্য যে , বৰ্তমান ঢেকীয়াজুলি দুগ্ধ শীতলীকৰণ প্ৰকল্পটোৰ বিশাল চৌহদটোত অকলশৰে এটা জৰাজীৰ্ণ আবাসত থাকি নৈশ চকীদাৰ ইন্দ্ৰেশ্বৰ নাথে ইয়াৰ মূল্যবান যন্ত্ৰপাতিসমূহকে ধৰি সকলো সা-সম্পত্তি পহৰা দি চৰকাৰৰ দুগ্ধ উন্নয়ন বিভাগৰ অস্তিত্ব ধৰি ৰাখিছে। মন কৰিবলগীয়া কথা যে , পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰৰ পশুপালন মন্ত্ৰী অতুল বৰাও তেওঁৰ দপ্তৰৰ অধীনস্থ নিষ্ক্ৰিয় দুগ্ধ উন্নয়ন বিভাগ তথা বন্ধ হৈ থকা দুগ্ধ শীতলীকৰণ প্ৰকল্প সমূহৰ ক্ষেত্ৰত কাৰ্যকালৰ যোৱা চাৰিটা বছৰত সম্পূৰ্ণ নিৰ্বিকাৰ ভূমিকা হৈ থাকিল । নক’লেও হয় যে, ৰাজ্যখনৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ লগতে বহি:ৰাজ্যৰ পৰা উভতি অহা যুৱক -যুৱতী সকলৰ মাজৰে একাংশক দুগ্ধ পাম খোলাৰ প্ৰতি আগ্ৰহী কৰি গাখীৰ উৎপাদনত ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ হ’লে ঢেকীয়াজুলিৰটোৰ লগতে বিভিন্ন ঠাইত বন্ধ কৰি থোৱা দুগ্ধ শীতলীকৰণ প্ৰকল্পসমূহ শীঘ্ৰে পুনৰ কাৰ্যক্ষম কৰি তোলাটো জৰুৰী হৈ পৰিছে । যদি চৰকাৰ সচাকৈ গো-সুৰক্ষাৰ কথা চিন্তা চৰ্চা কৰিছে । কিন্ত নিজে অপাৰগ তেনেস্থলত কোনো আগ্ৰহী উদ্যোগী অথবা সমবায়ভিত্তিক দুগ্ধ প্ৰতিষ্ঠানক এই দুগ্ধ শীতলীকৰণ প্ৰকল্পসমূহ লীজত দি হ’লেও ৰাজ্যখনত দুগ্ধ বিপ্লৱ গঢ়ি তোলাৰ বাবে তৎপৰতাৰে পদক্ষেপ লোৱাটো বিচাৰিছে সচেতন ৰাইজে ।