গো-সুৰক্ষা আইন ২০২১ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চিলাপথাৰৰ চিচি-টঙানিত

92

গো-সুৰক্ষা আইন ২০২১ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চিলাপথাৰৰ চিচি-টঙানিত

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া,চিলাপথাৰ , ১৯ চেপ্তেম্বৰঃ গো-ধন সুৰক্ষাৰ বাবে চৰকাৰে প্ৰণয়ন কৰিব লগা গো-সুৰক্ষা আইন ২০২১ৰ বিৰুদ্ধে অসমত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি পুনৰ গো-সুৰক্ষা আইনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে ধেমাজিৰ চিলাপথাৰৰ চিচিটঙানিত । চিচিটঙানিৰ গৰুমূৰা হাইস্কুলৰ খেলপথাৰত সমবেত শ শ গো-পালকে গো-সুৰক্ষা আইন ২০২১ৰ বিৰুদ্ধে প্ৰথমে আয়োজন কৰে এখনি বৃহৎ ৰাজহুৱা সভা । সভাৰ পাছতেই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ উঠে চিচি-টঙানি অঞ্চলৰ ৰাইজ । চৰকাৰে গো-সুৰক্ষা আইন ২০২১ প্ৰনয়ন কৰাত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে গো-পালক সকলৰ মাজত । কোনো পধ্যেই এইখন আইন মানি নোলোৱাৰ হুংকাৰ গো পালক সকলৰ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত যদি গৰুৰ গাখীৰ খাব পাৰে , তেনে গো-মাংস কিয় খাৱ নোৱাৰে বুলি প্ৰশ্ন কৰে প্ৰতিবাদী কৃষকসকলে । গো মাংসৰ বিৰোধীতা কৰা সকলে এতিয়া অসমৰ থলুৱা কৃষকক বিপদত পেলালে । এই বিতৰ্কিত আইন বাতিল নকৰিলে ব্ৰক্ষপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সকলো গো-পালকে একত্ৰিত হৈ নিজৰ নিজৰ গো-ধন সমূহ লগত লৈ বগীবিল দলঙৰ ওপৰত আৱদ্ধ কৰি দুয়োপাৰৰ যাতায়ত বন্ধ কৰাৰ হুমকি প্ৰদান কৰিছে চৰকাৰলৈ । গো-সুৰক্ষা আইন বাতিল কৰক,অসম চৰকাৰ হায় হায়,বিজেপি চৰকাৰ মুৰ্দাবাদ , হিমন্ত বিশ্ব মুৰ্দাবাদ আদি শ্লোগানৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলীৰ পৰিৱেশ । গো-সুৰক্ষা বিধেয়কখনে গো পালন কৰি জীৱিকা নিৰ্বাহ কৰি অহা পৰিয়াল সমূহলৈ অন্ধকাৰ নমাই আনিব । তেওঁলোকে গো পালন কৰি সেই গৰু বিক্ৰী কৰিয়েই যাৱতীয় খৰছ মোকলাই আহিছে । এতিয়া গৰুৰ বজাৰখন বন্ধ হৈ গ’লে পৰিয়াল সমূহ কেনেকৈ পোহপাল দিব ? সম্প্ৰতি কৃষি যান্ত্ৰিকীকৰণ হোৱাৰ বাবে হাল বাবলৈ গৰু নিকিনা হৈছে । বজাৰ বন্ধ হৈ গলে মতা গৰুবোৰ তেওঁলোকে কি কৰিব ? সেইবোৰ কেনেকৈ পোহপাল দিব ? গৰুসমূহ বিক্ৰী কৰিব পৰাকৈ এখন বজাৰৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী জনাই গো-পালক সকলে । আজিৰ এই সভাখন গো-সুৰক্ষা আইন ২০২১ বিৰোধী মঞ্চৰ চিচি-টঙানি আঞ্চলিক সমিতিও গঠন কৰা হয়। আগত্তক ২৯ চেপ্তেম্বৰত ধেমাজিত অনুষ্ঠিত হ’ব লগা ৰাজ্য চৰকাৰ কেবিনেট বৈঠককত গো-সুৰক্ষা আইনৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হ’ব বুলিও জানিব দিয়ে গো-পালক সকলে । কাৰ্য্যসূচীত শ শ গো পালক উপস্থিত থাকে।