গৰুখুটিৰ ঘটনাৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ , পিন্ধি থকা চোলা ফালি প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ক’লে ইউ কিল মী

55

গৰুখুটিৰ ঘটনাৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ , পিন্ধি থকা চোলা ফালি প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ক’লে ইউ কিল মী

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ , ২৪ ছেপ্টেম্বৰঃ গৰুখুটিৰ ঘটনাৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদত এগৰাকী প্ৰশাসনিক বিষয়াই উপায়ুক্ত কাৰ্যলয়ত প্ৰৱেশত বাধা দিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজৰ চাৰ্ট ফালি এনেদৰে কয় । ডাঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে এটাৰ পিছত আন এটা মৃত্যুৰ কিৰিলি শুনিবলগীয়া হৈছে । মিজোৰাম সীমান্ত, ডিমাহাছাও , মাজুলীৰ পিছত এইবাৰ ছিপাঝাৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিৰীহ লোকক হত্যা কৰিছে এই খন চৰকাৰে । প্ৰশাসনে আমাৰ বিধায়ক সাংসদ সকলক অপব্যৱহাৰ কৰিছে । আমি কংগ্ৰেছ দলৰ প্ৰতিজনে বুকু পাতি দিছো । আমাক গুলিয়াই হত্যা কৰক ৷ অসমত হিন্দু মুছলমানৰ মাজত ভাতৃঘাটি সংঘৰ্ষৰ সৃষ্টি নকৰিব ৷ এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে মঙলদৈত আক্ৰমণাত্মক হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী । দৰঙৰ ছিপাঝাৰ ধলপুৰত উচ্ছেদৰ নামত নিৰ্মম গুলিচালনাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিলম্বণৰ লগতে নিহত-আহত সকলৰ আত্মীয়ক উপযুক্ত ক্ষতিপূৰণৰ দিয়াৰ দাবীত শুকুৰবাৰে মঙলদৈত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত দৰং জিলা কংগ্ৰেছ কমিটিৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । মঙলদৈ ৰাজীৱ ভৱনৰ পৰা ওলাই অহা সমদলত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে । অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা , বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া , সাংসদ ৰিপুন বৰা, সাংসদ আব্দুল খালেক , উপ-দলপতি ৰকিবুল হুচেইন , কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামী , বিধায়ক বসন্ত দাস , কমলেক্ষ দেৱ পুৰকায়স্থ , জাকিৰ হুছেইন সিকদাৰ,আব্দুল ৰচিদ , নৰুল হুদা আদি কৰি বহু কংগ্ৰেছ নেতাই ৷