গৰুখুটি ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ, ফটোগ্ৰাফাৰ বিজয় বনিয়াক বিচাৰি আৰক্ষীৰ অভিযান

311

গৰুখুটি ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ, ফটোগ্ৰাফাৰ বিজয় বনিয়াক বিচাৰি আৰক্ষীৰ অভিযান

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২৩ ছেপ্টেম্বৰঃ দৰং জিলাৰ ঢলপুৰৰ গৰুখুটিত চলা উচ্ছেদ অভিযানত উত্তপ্ত পৰিস্থিতি । প্ৰতিবাদে এনে ভয়ংকৰ ৰূপ লয় যে , আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয় । পুৱাৰে পৰা উচ্ছেদৰ বিৰোধীতাৰে একাংশ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় । ঘটনাত এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে ১১ জন আৰক্ষীৰ লোক আৰু একাধিক প্ৰতিবাদকাৰী গুৰুতৰ ভাবে আহত হয় । সনগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে । লগতে মুখ্যমন্ত্ৰীয়ে গৰুখুটিত শান্তি ভংগ কৰা লোকক চিনাক্ত কৰাৰ নিৰ্দেশ দিছে । পৰিকল্পিত ভাবে আৰক্ষীৰ ওপৰত আক্ৰমণ চলিছিল নেকি , সেই দিশতো তদন্ত প্ৰক্ৰিয়া চলিব । উল্লেখ্য যে,আজি চলি থকা প্ৰতিবাদৰ সময়ত একাংশ লোকে আৰক্ষীলৈ শিল-ইটা দলীয়াই । ফলত আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে । কিন্তু তাৰ মাজতে ছচিয়েল মিডিয়াত এখন ফটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীৰ লগতে হাতত কেমেৰা লৈ থকা এজন ব্যক্তিয়েও প্ৰতিবাদকাৰীক আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে । আনকি বিজয় বনিয়া নামৰ লোকজনে মৃত প্ৰতিবাদকাৰী জনক গচকা দেখিবলৈ পোৱা গৈছে । এতিয়া ফটোগ্ৰাফাৰ জনক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । লম্পট ফটোগ্ৰাফাৰ বিজয় বনীয়াক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী উত্তাপন হৈছে ৰাজ্যজুৰি ৷