চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাওঁ পঞ্চায়তৰ বিভিন্ন প্ৰান্তত দহখনৰো অধিক উন্নয়নমূলক আচঁনিৰ আধাৰশিলা  , প্ৰায় ৭০ লখ্যধিক টকা ব্যয়ৰে  ৰূপায়নৰ প্ৰস্তুতি চৰকাৰী আঁচনি  

182
চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাওঁ পঞ্চায়তৰ বিভিন্ন প্ৰান্তত দহখনৰো অধিক উন্নয়নমূলক আচঁনিৰ আধাৰশিলা  , প্ৰায় ৭০ লখ্যধিক টকা ব্যয়ৰে  ৰূপায়নৰ প্ৰস্তুতি চৰকাৰী আঁচনি
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২৪ আগষ্টঃ চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাওঁ পঞ্চায়তৰ বিভিন্ন প্ৰান্তত মঙ্গলবাৰে দহটাকৈ উন্নয়নমূলক আঁচনিৰ শুভ উদ্ধোধন কৰা হয় ৷ প্ৰায় ৭০ লক্ষ্যধিক টকা ব্যয়ৰে নিৰ্মান হব লগা আঁচনি সমুহ মঙ্গলবাৰে পুৱাৰে পৰা শুভ উদ্ধোধন কৰে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙ আৰু পশ্চিম মূঢ়াদল গাওঁ পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱীয়ে ৷ সেই অনুসৰি , পঞ্চায়ত কাৰ্য্যালয় , ৰঙাচকুৱা ৰঙ্গমঞ্চ , সাপ্তাহিক বজাৰ , এক নং বাটমাৰী কালি মন্দিৰৰ চৌহদ , গেদেৰীজান কেথলিক চাৰ্চৰ ভূমি উন্নয়নৰ লগতে কেইবাটাও গাৱঁলীয়া পথৰ নিৰ্মানৰ আধাৰশিলা কৰা হয় ৷ আধাৰশিলা কৰি নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙে কয়-চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সৱল নেতৃত্বত ৰাইজে উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে সমষ্টিটোৰ ৭০ শতাংশ ৰাষ্টা-পদুলি নতুনকৈ নিৰ্মান হৈছে ৷ দৰিদ্ৰ ৰাইজৰ বাবে চৰকাৰে ঘোষণা কৰা সকলো আঁচনি আমি সমভাৱে বিতঁৰণৰ সুবিধা লাভ কৰিছো ৷ পঞ্চায়তৰ জৰিয়তে দুখীয়া দৰিদ্ৰ ৰাইজক সেৱা কৰাত সকলো শ্ৰেণী ৰাইজে আমাক সহযোগীতা আগবঢ়ায় অহা বুলি মন্তৱ্য কৰে সভাপতি  অজিত পায়েঙে ৷ পঞ্চায়ত সভানেত্ৰী হিমাদ্ৰী দেৱীয়ে কয়-পঞ্চায়তটোৰ দুখীয়া দৰিদ্ৰ ৰাইজক আমি সকলো ধৰনৰ সেৱা আগবঢ়ায় আহিছো ৷ লগতে অহা ইং ২ ছেপ্তেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা গোৰ্খা সকলৰ দিৰ্ঘদিন ধৰি অহা বৃহৎ সমস্যাৰ সমাধান কৰাত তেওঁক এক ব্যতিক্ৰমী ধৰণে আদৰণি জনাবৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠীৰ পুৰুষ-মহিলাসকল দলে বলে ওলাই আহিবলৈ অনুৰোধ কৰে ।  চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ  বলিষ্ঠ নেতৃত্বত আমি সমষ্টি উন্নয়নত সফলতা লাভ কৰা বুলি মন্তৱ্য কৰে হিমাদ্ৰী দেৱীয়ে ৷ উক্ত আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা অভিজিৎ ভট্টাচাৰ্যৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি ।