চতিয়া সমষ্টিৰ উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ মঙ্গলবৰীয়াত চাফাই অভিযান সম্পন্ন , দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি চাফাই অভিযান

216

চতিয়া সমষ্টিৰ উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ মঙ্গলবৰীয়াত চাফাই অভিযান সম্পন্ন , দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি চাফাই অভিযান

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৯ ছেপ্টেম্বৰঃ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপল্যক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাতো বিজেপি দলে বিভিন্ন কাৰ্য্যসুচী ৰূপায়ন কৰে ৷ সেইমৰ্মে চতিয়া সমষ্টিৰ বিজেপিৰ নদুৱাৰ মণ্ডল কমিটিয়ে মণ্ডলটোৰ দহটাকৈ পঞ্চায়তত বিভিন্ন কৰ্মসুচী যুগুত কৰি ৰপায়নৰ আচঁনি লৈছে ৷ সেই কাৰ্য্যসুচীৰ অংশ হিচাপে উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ অধিনৰ মঙ্গলবৰীয়াত ৰাষ্টা-পদুলিৰ লগতে ধৰ্মীয় মন্দিৰৰ চৌহদত চাফাই অভিযান চলাই পঞ্চায়তৰ কৰ্মকৰ্ত্তা সকলে ৷ নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা আৰু নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং আৰু উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰৰ নেতৃত্বত পঞ্চায়ত কৰ্মী সকলে এই চাফাই অভিযান সম্পন্ন কৰে ৷